শেহতীয়াভাৱে বনজুইৰ এখনি আলোকচিত্ৰ বিভিন্ন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বহুতে দাবী কৰিছে যে ছৱিখনত সেয়া কানাডাৰ শেহতীয়া বনজুই দেখা গৈছে।
Headline8 য়ে ভিডিঅ’টোৰ এটি Fact Check সম্পন্ন কৰে।
দাবী: ফেচবুকৰ পৃষ্ঠা Farhan Rafid য়ে শেহতীয়াভাৱে এটি পোষ্ট আপলোড কৰে আৰু দাবী কৰে পোষ্টৰ সৈতে সংলগ্ন ছৱিখন কানাডাৰ বনজুইৰ। ভাইৰেল পোষ্টৰ বিৱৰণীৰ একাংশত লিখা হয়- –
“তাপমাত্ৰাই সৰ্বকালৰ অভিলেখ ভংগ কৰিছে কানাডাত! প্ৰচণ্ড গ্ৰীস্মপ্ৰৱাহৰ ফলত প্ৰায় ৫০০ গৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছ! কানাডাৰ ব্ৰিটিছ প্ৰভিঞ্চ অৱ কলম্বিয়াৰ বিভিন্ন অংশত অসহ্য গৰমৰ ফলত বনজুইৰ সৃষ্টি হৈছে । প্ৰদেশখনৰ লিটন নামৰ গাঁওখন জ্বলি ছাই হৈ গৈছে।আগতীয়া সতৰ্কবাণী লাভ নকৰিলে এই গাঁওখনত প্ৰায় ২৫০ গৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱালেহেঁতেনে। প্ৰশাসনৰ পৰা আগতীয়া জাননী লাভ কৰা হেতুকেই গাঁওবাসীয়ে জুইয়ে তাণ্ডৱ চলোৱাৰ আগেয়েই সুৰক্ষিত স্থানলৈ পলায়ন কৰাৰ সুযোগ লাভ কৰে।উল্লেখ্য যে গাঁওখনৰ উষ্ণতা প্ৰায় ৫০ ডিগ্ৰী চেলচিয়াছ হৈছিল”।
অন্য এটা নিউজ পৰ্টেলেও একেই ফোটো আপলোড কৰি সেয়া কানাডাৰ বনজুইৰ ছৱি বুলি দাবী কৰে। ইয়াত আপোনালোকে archived post টো চাব পাৰিব।
অনুসন্ধান :
পিছে Headline8 ৰ Fact Checking ত পোৱা গৈছে অন্য কিছু কথাহে। সেইসমূহ এনেধৰণৰ:
Headline8 য়ে ভাইৰেল ছৱিখনৰ এটি Yendex Reverse Image Search কৰে। সন্ধানৰ সময়ত একেই ধৰণৰ অন্য এখন ছৱি উদ্ধাৰ কৰা হয়। ছৱিখন পোৱা যায় Gettyimages নামৰ ৱেবচাইটত। ফোটোখনৰ কেপশ্যনত নিম্নোক্ত কথাখিনি লিখা হয়- –
Peloponnese উপদ্বীপৰ অন্তৰ্গত Andritsena গাঁওৰ সমীপৱৰ্তী Zoodohos Pygi ৰ গীৰ্জাৰ প্ৰতি ২৭ আগষ্ট, ২০০৭ ৰ একুৰা জুইয়ে ভাবুকি কঢ়িয়াই আনিছে। গ্ৰীচে চতুৰ্থ দিনৰ বাবে ক্ৰমাগতভাৱে জ্বলি থকা সৰ্বনাশী এই জুইকুৰা নুমুৱাবৰ বাবে আন্তৰাষ্ট্ৰীয় শক্তিৰ সহায়ত নামি পৰিছে যদিও এতিয়ালৈকে জুইকুৰাই ৬০ গৰাকীকৈ লোকৰ প্ৰাণ হানি কৰিছে।এই অগ্নিসংযোগৰ ঘটনাত জড়িত থকাৰ অপৰাধত ৭ জন লোকক আটক কৰা হৈছে”।
গতিকে কেপশ্যনৰ পৰা বুজা যায় যে ছৱিখন গ্ৰীচৰ। ইয়াক সংগ্ৰহৰ সময় আগষ্ট, ২০০৭ ।
অনুসন্ধানৰ দ্বিতীয় পৰ্যায়ত ইণ্টাৰনেটত ‘Greece Wildfire 2007’ ক কি ৱৰ্ড হিচাপে ৰাখি ছৱিখনৰ সন্ধান কৰা হয়। প্ৰকৃত পোষ্টটো ইয়াত চাব পাৰিব।
এইদৰে চাৰ্ছ কৰোতে আমি আন এটা নিবন্ধৰ সন্ধান পাওঁ য’ত স্পষ্টভাৱে উল্লেখ আছে যে ভাইৰেল হোৱা ছৱিখন ২০০৭ চনৰ আগষ্ট মাহৰ গ্ৰীচৰহে।
সৰ্বশেষত ওপৰোক্ত ফেচবুক প্ৰফাইলসমূহ পৰীক্ষা কৰা হয়।
Farhan Rafid বাংলাদেশৰ চিটাগঙৰ।তেওঁ থাকে মন্ত্ৰিল,কিউবেকত।
আনহাতে ভুৱা নিবন্ধ প্ৰচাৰ কৰা নিউজ প’ৰ্টেলটোৰ আছে ২,১৪৯ অনুসৰণকাৰী আৰু ১,৮০৫ লাইক।
সামৰণি: পুংখানুপুংখ অনুসন্ধানৰ অন্তত
Headline8 য়ে জানিব পাৰে যে কানাডাৰ বনজুইৰ নামত ভাইৰেল হোৱা ছৱি ভুৱা।
এয়া আচলতে গ্ৰীচৰহে ছৱি। যাৰ সংগ্ৰহ কাল ২০০৭ চনৰ আগষ্ট মাহ।