চৰকাৰী কৰ্মচাৰীসকললৈ ৰাজ্য চৰকাৰে জাৰি কৰিছে আন এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা।চলিত মাহৰ অর্থাৎ জুন মাহৰ দৰমহা লাভৰ পূৰ্বে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীয়ে ল’ব লাগিব কৰ’নাৰ ভেকচিন।অন্যথা জুন মাহৰ দৰমহা লাভৰ ক্ষেত্ৰতো কৰ্মচাৰীসকল সমস্যাৰ সন্মুখীন হ’ব পাৰে।
দৰমহা দিয়াৰ পূৰ্বেই বিভাগৰ মুৰব্বীয়ে কৰ্মচাৰীসকলে ভেকচিন গ্ৰহণ কৰিছে নে নাই সেই সন্দৰ্ভত চৰকাৰক জনাব লাগিব।জাৰি কৰা নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে যে, বহু চৰকাৰী ফ্ৰণ্টলাইন কৰ্মচাৰীয়ে এতিয়াও ভেকচিন লোৱা নাই।
আনকি COWIN পৰ্টেলটোতো নিজৰ নাম পঞ্জীয়ন কৰা নাই।উল্লেখযােগ্য যে যিসকল কৰ্মাচাৰীয়ে এটা ডোজ ভেকচিন গ্ৰহণ কৰিছে বা যিসকলে এটা ডজো ভেকচিন লোৱা নাই, সেই সন্দৰ্ভত চৰকাৰ অৱগত হ’বলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।