গুৱাহাটী – মা কামাখ্যা মন্দিৰৰ শিৰোধান উজ্বলি উঠিল স্বৰ্ণিল আভাৰে। ইয়াৰ লগে লগে দেশৰ স্বৰ্ণ মন্দিৰৰ তালিকাত স্থান পালে শক্তিপীঠ কামাখ্যাই। ২০ কিল’গ্ৰাম সোণেৰে নিৰ্মান হ’ল কামাখ্যা মন্দিৰৰ গম্বুজ।
আজি গম্বুজটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এই গম্বুজত আছে ৩ তৰপীয়া সোণৰ কলহ। এই স্বৰ্ণ গম্বুজটো ৰিলায়েন্সৰ অলংকাৰ প্ৰস্তুত কৰা কাৰিকৰে নিৰ্মাণ কৰি উলিয়াইছে।
উল্লেখ্যযোগ্য যে, গম্বুজৰ বাবে এই ২০ কেজি সোণ দান কৰিছে দেশৰ আগশাৰীৰ উদ্যোগপতি মুকেশ আম্বানীয়ে। গম্বুজ মুকলি কৰাৰ পিছতে কামাখ্যা মন্দিৰত আজি যজ্ঞ আয়োজন কৰা হয়। এতিয়াৰে পৰা ন-ৰূপত দৰ্শন কৰিব পাৰিব মা-কামাখ্য় মন্দিৰ।
মা-কামাখ্য়ৰ পূৰ্বৰ কলচীতো সোণৰ প্ৰলেপ দিয়া হৈছে। উল্লেখ্য যে এই কাৰ্য ছেপ্তেম্বৰৰ মাজভাগৰ পৰা আৰম্ভ কৰা হৈছিল।
আজি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ প্ৰতিনিধিসকল আহি পূজা-অৰ্চনা কৰি আনুষ্ঠানিক ভাৱে মুকলি কৰে সোণৰ গম্বুজটো।