নিউজ ডেস্কঃ ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৪খন জিলাত ৰাজ্য চৰকাৰৰ স্থানীয় বন্ধ ঘোষণা কৰিছে।ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুবিধাৰ বাবে তিৱা স্বায়ত্ত শাসিত পৰিষদৰ চাৰি জিলাত ক্ৰমে নগাঁও, মৰিগাঁও, হোজাই আৰু কামৰূপ মহানগৰ জিলা বন্ধ ঘোষণা কৰা হৈছে।
নগাঁও, মৰিগাঁও, হোজাই আৰু কামৰূপ মহানগৰৰ আংশিক অঞ্চলত সৰ্বমুঠ ৩৬টা সমষ্টি আছে।৩৬টা সমষ্টিত ১৭ ডিচেম্বৰৰ পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা বিয়লি ৪ বাজি ৩০ মিনিটলৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।প্ৰায় তিনি লক্ষাধিক ভোটাৰে ১২৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।
১৯ ডিচেম্বৰত তিৱা শ্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হ’ব।