নিউজ ডেস্ক – দেশজুৰি ক’ৰোনা সংক্ৰমণে পুনৰ ভীতিগ্ৰস্থ পৰিস্থিতি আনি দিছে। তৎসত্ত্বেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম আৰু পশ্চিমবঙ্গৰ নিৰ্বাচনক লৈ ব্যস্ত হৈ আছে বুলি কটাক্ষ কৰিবলৈ আৰম্ভ কৰিছিল বিৰোধীয়ে। অৱশ্যে এই কটাক্ষ আৰু বৃদ্ধি হ’বলৈ নিদিলে নৰেন্দ্ৰ মোদীয়ে। বৃহস্পতিবাৰে দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ল মোদী আৰু অৱশেষত নিদান দিলে – টীকা উৎসৱৰ। আগন্তুক ১১ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিল তাৰিখলৈ দেশত যিমান যথাসম্ভৱ মানুহৰ টীকাকৰণৰ বাবে আহ্বান জনায় মোদীয়ে। এই কাৰ্যসূচীৰ নাম দিছে ‘টীকা উৎসৱ’।
বৈঠকত তেওঁ কয়, ‘শাসন ব্যৱস্থাত উন্নতি কৰাৰ প্ৰয়োজন আহি পৰিছে। মই বুজিব পাৰিছো, এবছৰ ধৰি যুদ্ধ কৰি কৰি পৰিচালনা ব্যৱস্থালৈ ক্লান্তি অহাটো স্বাভাৱিক, শিথিলতাও আহিব পাৰে। কিন্তু আগন্তুক দুই-তিনি সপ্তাহত আমি কঁকালত টঙালি বান্ধিব লাগিব আৰু প্ৰশাসনীয় ব্যৱস্থাটো দৃঢ় কৰিব লাগিব।
বৈঠকত মুখ্যমন্ত্ৰীসকলক যথেষ্ট সংখ্যক পৰীক্ষা কৰা, সাধাৰণ জনতাই ক’ভিড বিধি মানিছে নে নাই সেয়া তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে। মাইক্ৰ’-কন্টেইনমেন্ট জ’ন আৰু নাইট কাৰ্ফিউৰ ওপৰতো গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে। নাইট কাৰ্ফিউৰ স্থানত ‘ক’ৰোনা কাৰ্ফিউ’ শব্দ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিলে প্ৰধানমন্ত্ৰীয়ে, যাতে মানুহৰ মাজত সচেতনতা বৃদ্ধি হয়। ৰাতি ৯ টা বা ১০ বজাৰ পৰা পুৱা ৫ বা ৬ বজালৈ কাৰ্ফিউ জাৰি কৰা ভাল হ’ব বুলিও জনায় তেওঁ।