ৰাজ্যত বকৰি ঈদৰ উলহ-মালহ। অহা ২০ জুলাইত মুছলমান সম্প্ৰদায়ৰ লোকসকলে পালন কৰিবলগীয়া বকৰি ঈদক লৈ জিলা প্ৰশাসনে কঠোৰ নিৰ্দেশনা জাৰি কৰে।
বৃহস্পতিবাৰে কামৰূপ মেট্ৰ’ ত ঈদ উদয়াপন কৰাক লৈ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে এক বৈঠকত মিলিত হয়। “ৰাজ্যত এতিয়াও ক’ভিড পৰিস্থিতি শাম কটা নাই।আমি কামৰূপ মেট্ৰ’ৰ সকলো লোককে ঈদ উদাপন কৰাৰ সময়ত ক’ভিড প্ৰট’কল মানি চলিবলৈ কঠোৰ ভাৱে আহ্বান জনাইছো। ইয়াৰ লগতে কামৰূপ মেট্ৰ’ৰ সকলো ইদগাহ সমিতিৰ সদস্যসকলক ইদগাহ বা মছজিদত আগন্তুক ঈদ অথবা বকৰি ঈদ উৎসৱৰ সময়ত গণ প্ৰাৰ্থনা পৰিহাৰ কৰিবলৈ অনুৰোধ জনাইছো।“
প্ৰশাসনে কামৰূপ মেট্ৰ’ৰ লোকসকলক অহা বুধবাৰে নিজ নিজ ঘৰত ‘নামাজ’ পঢ়িবলৈ আহ্বান জনায়।