‘অসমৰ হীৰা’ সৰ্বানন্দ সোণোৱালক দিল্লীলৈ ওভোতাই নি কেবিনেট মন্ত্ৰিত্বৰ লগতে আন এক গুৰু দায়িত্ব অৰ্পণ কৰিছে বিজেপি নেতৃত্বই।এইবাৰ নৰেন্দ্ৰ মোডী মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটী (CCPA)ত অন্তৰ্ভুক্ত কৰা হৈছে সৰ্বানন্দ সোণোৱালক।
সোণোৱালৰ উপৰিও এই কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে পৰিবেশ আৰু শ্ৰম মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, স্বাস্থ্য মন্ত্ৰী মন সুখ মাণ্ডব্য,গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিঙ,আইন মন্ত্ৰী কিৰেন ৰিজিজু, তথ্য আৰু সম্প্ৰচাৰ-ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ, জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাকো।