আজি প্ৰয়াত কণ্ঠশিল্পী জংকী বৰঠাকুৰৰ জন্মদিন। ভগ্নীৰ জন্মদিনত আবেগিক পোষ্ট হাৰ্টথ্ৰব জুবিন গাৰ্গৰ।
ফেচবুকত ভগ্নীক সুঁৱৰি কণ্ঠশিল্পীগৰাকীয়ে লিখে- “Memories …..my sister jonkies b’day today.she is no more but still beats In me”
২০০২ চনত এক পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লৈছিল জংকী বৰঠাকুৰে।সংগীতানুষ্ঠানলৈ গৈ থকাৰ অৱস্থাত তেজপুৰৰ ওচৰত দুৰ্ঘটনাত পতিত হৈছিল জংকী। সেইসময়ত অন্য এখন গাড়ীত জুবিন গাৰ্গো আছিল। চকুৰ আগতে ভগ্নীৰ মৃত্যু দেখি ভাগি পৰিছিল জুবিন গাৰ্গ।
জুবিন গাৰ্গ আৰু জংকী বৰঠাকুৰৰ দ্বৈত কণ্ঠৰ বহুকেইটা গীত আজিও জনপ্ৰিয়। ‘আউসীৰ জোন মোৰ’, ‘মুগ্ধ হিয়া মোৰ’, ‘অন্ধ আকাশ’, ‘তুমি চালেই জানা’ আদি গীতসমূহ এভাৰ গ্ৰীণ।