ধেমাজি – অসমৰ গেৰুকামুখত নিৰ্মাণ হৈ থকা ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প শীঘ্ৰেই সম্পূৰ্ণ হৈ উঠিব। ইতিমধ্যে বিগত ৪ ডিচেকম্বৰত সমগ্ৰ প্ৰকল্প পৰিদৰ্শন কৰি যায় ভাৰত চৰকাৰৰ শক্তি সচিব সঞ্জয় নন্দন সাহাই৷ অসম-অৰুণাচল সীমান্তৱর্তী ধেমাজি জিলাত থকা এই প্ৰকল্পৰ কাম শক্তি বিভাগৰ সচিবজনে ২০২২ চনৰ মার্চ মাহৰ ভিতৰত সম্পূর্ণ কৰাৰ নির্দেশ দিছে৷
যিসময়ত বিভিন্ন দল-সংগঠনে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তীব্র প্রতিবাদ জনাই আহিছে, তেনে সময়তে কেন্দ্রীয় চৰকাৰৰ শক্তি মন্ত্র্যালয়ে এনে নির্দেশ দিয়া কার্যই বিশেষ তাৎপর্য বহন কৰিছে৷ উল্লেখযোগ্য যে ইতিমধ্যে প্রকল্পটোৰ নির্মাণ কার্য প্রায় ৭০ শতাংশ সম্পূর্ণ হৈ উঠিছে আৰু সম্প্রতি নির্মাণকার্য দ্রুতগতিত চলি আছে৷ শক্তি সচিবজনে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মীয়মাণ পাৱাৰ হাউছ, টার্নেল, গার্ড ৱাল আদি সকলো কাম পৰিদর্শন কৰি সন্তোষ লাভ কৰে৷
কেন্দ্রীয় শক্তি সচিবজনে প্রকল্পৰ নামনি অংশত চলি থকা আঁচনি আৰু বিভিন্ন কাম-কাজৰো খতিয়ান লয়৷ তেওঁ কয় যে ইতিমধ্যে প্রকল্পটোৰ নির্মাণ কার্য বহু লেহেম হ’ল আৰু যাৰবাবে প্রয়োজনীয় ধনতকৈ অতিৰিক্ত চৰকাৰে ব্যয় কৰিব লগা হ’ল৷ প্রকল্প পর্যবেক্ষণৰ সময়ত তেওঁৰ লগত এন এইচ পি চিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক অভয় কুমাৰ সিং আৰু অৰুণাচল প্রদেশৰ মুখ্য সচিব নৰেশ কুমাৰেও অংশগ্রহণ কৰে৷