অৰুণাচল প্ৰদেশৰ কিমিনস্থিত হোটেলত সোমবাৰে নিশা এক গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷
“বি এম হোটেল” নামৰ এখন হোটেলত এই ঘটনাটো সংঘটিত হয় সন্ধিয়া প্ৰায় ৭ বজাত ৷
উল্লেখযোগ্য যে গ্ৰাহকৰ বেশত অহা এজন অজ্ঞাত লোকে অতৰ্কিতে গুলীচালনা কৰাৰ ফলত হোটেলখনৰ মেনেজাৰ তথা স্বত্ত্বাধিকাৰ জয়ন্ত তাঁতী আৰু হোটেলখনৰ কৰ্মচাৰী শিৱ মল্লিক গুৰুতৰভাৱে আহত হয় ।
কিমিনত এখন হোটেলত ব্যৱসায় কৰি থকা জয়ন্ত তাঁতীৰ সোঁহাতত গুলী লাগে।
গুলীচালনাৰ শব্দ শুনি ভিতৰৰ পৰা মেনেজাৰৰ কেবিনৰ ওচৰলৈ ওলাই অহা শিৱ নামৰ কৰ্মচাৰীজনকো অজ্ঞাত লোকজনে গুলীচালনা কৰে ।
নিশাই ততাতৈয়াকৈ আহত দুয়োগৰাকী লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
জানিব পৰা অনুসৰি বৰ্তমানলৈ দুয়োজন লোক সংকটজনক অৱস্থাত আছে ৷
উল্লেখ্য, আৰক্ষীয়ে নিশাৰে পৰা এই সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে যদিও এইপৰ্যন্ত কোনো লোকক আটক কৰিব পৰা নায় ।
যাৰ বাবে এই সম্পূৰ্ণ ঘটনাটোক গৰিহনা দি পথ অৱৰোধ কৰি মঙলবাৰে আছা-আটছাই প্ৰতিবাদ কৰে ৰাষ্ট্ৰীয় ঘাইপথত ৷