গুৱাহাটী – তেজপুৰত আমেৰিকা মূলৰ বৃদ্ধ দম্পতীক নৃশংসভাৱে হত্যা কৰা দুই হত্যাকাৰী আৰক্ষীৰ জালত৷ ১৫ দিন পূর্বে ডকাইতি কৰি অতি নৃশংসভাৱেই হত্যা কৰা হৈছিল তেজপুৰৰ বৃদ্ধ দম্পতী ব্রাইন অডৰেজ আৰু আশা অডৰেজক৷ দুই হত্যাকাৰী ক্ৰমে উজ্জ্বল বেজবৰুৱা (২৪) আৰু গীতুমণি বেজবৰুৱা (২০) বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে উজ্জ্বল বেজবৰুৱাই কর্মসূত্রে তেজপুৰলৈ আহি স্থানীয় পতিয়াচুবুৰিত বৃদ্ধ দম্পতীৰ ঘৰৰ কাষতে বসবাস কৰিছিল। কাণেৰে ভালকৈ নুশুনা আৰু চকুৰেও ভালকৈ নেদেখা এই দম্পতীটোৰ পৰিয়ালৰ সদস্য ঘৰত নথকাৰ সুযোগ গ্রহণ কৰি যোৱা ২০ নৱেম্বৰৰ নিশা প্রায় ১১-৩০ বজাত প্রৱেশ কৰিছিল অপৰাধী ভাতৃদ্বয়।
উল্লেখযোগ্য যে বিগত পোন্ধৰদিন ধৰি এই হত্যাকাণ্ড সন্দর্ভত চহৰখনত ব্যাপক চর্চা অব্যাহত থকাৰ সময়তে কালি নিশা আৰক্ষীৰ জালত পৰিল দুই হত্যাকাৰী ভাতৃ৷ কালি এই সন্দর্ভত শোণিতপুৰৰ উপ-আৰক্ষী অধীক্ষক ড০ ৰশ্মিৰেখা শর্মাৰ উপস্থিতিত অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাত্বাই এখন সংবাদমেলৰ আয়োজন কৰি হত্যাকাণ্ড আৰু ধৃত দুই ভাতৃৰ বিষয়ে অৱগত কৰে৷
অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে যোৱা ২১ নৱেম্বৰত অডৰেজ দম্পতীটোৰ বিবাহিতা কন্যা ডেফনি আৰু ডৰ’ফিয়ে দিল্লী আৰু পুনেৰ পৰা ফোনত পিতৃ-মাতৃক যোগাযোগৰ বাবে বহুবাৰ চেষ্টা কৰিও বিফল হোৱাত তেজপুৰৰ সম্পর্কীয় লোকক বিষয়টো অৱগত কৰিছিল৷ ইয়াৰ পিছতেই স্থানীয় পতিয়াচুবুৰিৰ একাংশ লোকৰ সৈতে সম্পর্কীয় লোকে অৰেজ দম্পতীৰ বাসগৃহ চৌহদত উপস্থিত হৈ পিছফালৰ দুৱাৰখন খোলা অৱস্থাত প্রত্যক্ষ কৰে৷ সেই সময়তে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী দলৰ সৈতে প্রৱেশ কৰি দম্পতীটোক মৃত অৱস্থাত উদ্ধাৰ কৰে৷
বাসগৃহটোৰ ভিতৰৰ বয়বস্তু আৰু সা-সামগ্রী ছেদেলি-ভেদেলি হৈ থকাৰ প্রতি লক্ষ্য ৰাখি এয়া হত্যাকাণ্ডনে ডকাইতি নিশ্চিত কৰিবলৈ স্নিফাৰ ডগৰো ব্যৱহাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰখা হৈছিল৷ ২২ নৱেম্বৰৰ দিনা দিল্লী আৰু পুনেৰ পৰা জোঁৱাইসহ দুই কন্যা তেজপুৰত উপস্থিত হৈ এজাহাৰ দাখিল কৰে৷ তেজপুৰ কছাৰীগাঁও আৰক্ষী চকীৰ অন্তর্গত পতিয়াচুবুৰিত সংঘটিত এই ঘটনা সন্দর্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ লগতে আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তৰ নেতৃত্বত চি আই ডিৰ দ্বাৰা তদন্ত আৰম্ভ কৰে৷ লগতে এক বিশেষ গোটৰ জৰিয়তেও তদন্ত চলাই থকা হৈছিল৷
তদন্তত লাভ কৰা গোপন তথ্যৰ ভিত্তিত কালি নিশা অভিযান চলাই অৰেজ দম্পতীটোৰ বাসগৃহৰ কাষৰে চৌহদত ভাৰাতীয়া হিচাপে থকা উজ্জ্বল বেজবৰুৱা আৰু সমীপৱর্তী বেবেজীয়াৰ পৰা গীতুমণিক গ্রেপ্তাৰ কৰে৷ ধৃত ভাতৃদ্বয়ৰ পৰা অৰেজ দম্পতীটোৰ ঘৰৰ পৰা ডকাইতি কৰা সোণ-ৰূপৰ আ-অলংকাৰৰ লগতে কেতবোৰ সামগ্রী উদ্ধাৰ কৰা হয় যদিও টেমাত থকা ৫০ হাজাৰ টকাৰ খুচুৰা পইচাসহ কিছু পৰিমাণৰ নগদ ধন দুই ভাতৃয়ে ইতিমধ্যে মদ-ভাং খাই শেষ কৰা বুলি স্বীকাৰ কৰিছে৷
আৰক্ষীয়ে চলোৱা মাৰাথন জেৰাত ধৃত ভাতৃদ্বয়ে যোৱা ২০ নৱেম্বৰৰ নিশা প্রথমে চকুৰে কম দেখা ৮৫ বছৰীয়া ব্রাইন অৰেজক ডিঙি চেপি হত্যা কৰাৰ পিছত পত্নী আশা অৰেজক চোকা অস্ত্রেৰে হত্যা কৰা বুলি স্বীকাৰ কৰিছে৷ উল্লেখযোগ্য যে নলবাৰী জিলাৰ ঘগ্রাৰ সাগৰকুছি গাঁৱৰ নিৱাসী তথা পিতৃ মনোজ বেজবৰুৱাক হত্যা কৰাৰ গোচৰত অভিযুক্ত উজ্জ্বল বেজবৰুৱা আৰু গীতুমণি বেজবৰুৱা৷ এই হত্যাকাণ্ড সন্দর্ভত উজ্জ্বলে কাৰাবাসো খাটিব লগীয়া হৈছিল যদিও নাবালক হোৱা হেতু গীতুমণি শাস্তিৰ পৰা ৰক্ষা পৰিছিল৷ কাৰাবাসৰ পৰা ওলোৱাৰ পাছতে যোৱা প্রায় পাঁচ বছৰ ধৰি তেজপুৰতে দুই ভাতৃ পৃথকে ভাৰাতীয়া হিচাপে থাকিবলৈ লৈছিল৷
গীতুমণি স্থানীয় বেবেজীয়া অঞ্চলত থকাৰ বিপৰীতে উজ্জ্বলে বৃদ্ধ দম্পতীৰ কাষৰে এঘৰত আছিল৷ বিগত সময়ছোৱাত মটৰ চাইকেল চুৰিকাণ্ডৰ সৈতে জড়িত হৈ থকা এই দুই অপৰাধী ভাতৃৰ চকু পৰিছিল পৰিয়ালৰ আন সদস্য অবিহনে বৃদ্ধ দম্পতী থকা বাসগৃহটোলৈ৷ ইয়াৰ পিছতেই অতি শীতল মস্তিষ্কৰে দুই ভাতৃয়ে ২০ নৱেম্বৰৰ নিশা বাসগৃহটোত প্রৱেশ কৰি ডকাইতি কাণ্ডতে ক্ষান্ত নাথাকি অতি নৃশংসভাৱে হত্যা কৰে অৰেজ দম্পতীক৷
উল্লেখযোগ্য যে আজি সংবাদমেলত অৰেজ দম্পতীৰ জোঁৱাইসহ উপস্থিত থকা দুই কন্যাই সাংবাদিকৰ আগত কয়, ‘দেশৰ বিভিন্ন প্রান্তত কর্মসূত্রে ঘূৰি ফুৰা মোৰ পিতৃয়ে ৩৫ বছৰ পূর্বে তেজপুৰত চাকৰি কৰা সময়তে নিজ ভূমি হিচাপে গণ্য কৰিছিল এই চহৰখনক৷ যাৰবাবে এন আৰ চিকে ধৰি বিভিন্ন তথ্য-পাতিত তেজপুৰৰ স্থায়ী বাসিন্দা হিচাপে প্রতিষ্ঠা কৰি নিগাজিকৈ থাকিবলৈ লৈছিল মাৰ সৈতে৷
মোৰ বৃদ্ধ পিতৃ-মাতৃৰ এনে কৰুণ মৃত্যু কেতিয়াও কামনা কৰা নাছিলোঁ৷ যি কি নহওক হত্যাকাণ্ড সংঘটিত হোৱাৰ ১৫ দিনৰ ভিতৰতে দুই হত্যাকাৰী গ্রেপ্তাৰ হোৱাত শোণিতপুৰৰ আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ কিন্তু সামাজিক সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি দেশৰ বিভিন্ন প্রান্তৰ চহৰবোৰৰ দৰে তেজপুৰৰো বিভিন্ন প্রান্তত ভাৰাতীয়া হিচাপে থকা লোকসকলৰ আই ডিসহ ইতিবৃত্ত আৰক্ষীৰ থানাত পঞ্জীভূত হোৱা দৰকাৰ বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে দুর্ভগীয়া দুই কন্যাই৷ ইপিনে ভাৰতীয় দণ্ডবিধিৰ ৩০২ আৰু ৩৪ নং ধাৰাৰ অধীনত গ্রেপ্তাৰ কৰা দুই অপৰাধী উজ্জ্বল আৰু গীতুমণিক জে’ললৈ প্রেৰণৰ বাবে আৰক্ষীয়ে ব্যৱস্থা গ্রহণ কৰিছে৷