শিৱসাগৰৰ গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত দেওপানীত আৰক্ষীৰে হোৱা সংঘৰ্ষত বুধবাৰে নিহত হয় কুখ্যাত অপৰাধী বুবু কোঁৱৰ।সমগ্ৰ ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত হত্যা-অপহৰণকে ধৰি ৪৫টা গোচৰত অভিযুক্ত আছিল বুবু কোঁৱৰ।
হত্যা, গাড়ীচুৰি,অবৈধ অস্ত্ৰৰ ব্যৱসায়, ড্ৰাগচ সৰবহৰাহ,নাৰী সৰবৰাহ- – – কি অপৰাধত জড়িত নাছিল কুখ্যাত বুবু কোঁৱৰ?
বুবু কোঁৱৰে গাড়ী চুৰি চক্ৰৰ নেতৃত্ব লৈ হত্যা কৰিছিল বহুকেইজন গাড়ীচালকক।
উল্লেখ্য যে ১৬ বছৰ বয়সতে অপৰাধ জগতত ভৰি দিয়া বুবুৱে চলাইছিল হানী ট্ৰেপিং চক্ৰও।অস্ত্ৰ সৰবৰাহকাৰী ৰূপেও কাম কৰিছিল বুবু কোঁৱৰে। বোমা নিৰ্মাণ কৰি থকা অৱস্থাত হেৰুৱাইছিল নিজৰ হাতৰ দুটাকৈ আঙুলি।
বহু প্ৰতিষ্ঠিত ব্যক্তিৰ হত্যাৰ গোচৰত জড়িত আছিল বুবু কোঁৱৰ।
তলত তাৰ অপৰাধ তালিকাৰ কিয়দংশ- – –
প্ৰসিদ্ধ চিকিৎসক মৃদুল বৰুৱাক হত্যা।
কংগ্ৰেছ নেতা হেমন্ত বৰুৱাক হত্যা।
যোৰহাটৰ ব্যৱসায়ী কৈলাশ গিলোৰিয়াক হত্যা।
যোৰহাটৰ নমুনাবাগান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দ্বিজেন্দ্ৰ নাথ গগৈক হত্যা।
নুনমাটিৰ গাড়ীচালক ধীৰাজ তালুকদাৰক হত্যা।
পঞ্চী গগৈ দত্ত নামৰ এগৰাকী যুৱতীক গুলীয়াই হত্যা।
বেতবাৰীৰ ব্যৱসায়ী প্ৰশান্ত বৰুৱাক গুলীয়াই হত্যা।
ধ্ৰুৱজ্যোতি তালুকদাৰ নামৰ এজনক হত্যা।
শিৱসাগৰৰ ব্যৱসায়ী অনিল জৈনক অপহৰণ।