বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠ কতৃপক্ষই জনাইছে যে, এতিয়াৰে পৰা বিমানকোঠত যাত্ৰীসকলৰ বাবে জৰুৰীকালীন চিকিৎসা সেৱা ২৪ ঘন্টাই উপলব্ধ হব। এই ক্ষেত্ৰত এপল’ হস্পিতালে বিমানকোঠৰ কতৃপক্ষৰ লগত এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। চলিত মাহৰ ৫ তাৰিখৰ পৰাই এই চুক্তি কাৰ্যকৰী হোৱাত যাত্ৰীসকলে জৰুৰীকালীন পৰিস্থিতিত বিমানকোঠৰ ভিতৰত চিকিৎসক সকলৰ পৰা তৎকালীন ভাৱে প্ৰাথমিক স্বাস্থ্যসেৱাৰ লগতে চিকিৎসা সম্পৰ্কীয় পৰামৰ্শও লাভ কৰিব। বিমানকোঠৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, বিমান বন্দৰৰ যাত্ৰীসকলক তৎকালীনভাৱে উচ্চমানৰ চিকিৎসাৰ বাবেও যাৱতীয় ব্যবস্থা গ্ৰহণ কৰা হৈছে।