নিউজ ডেস্কঃ বিটিচি নিৰ্বাচনত বিপিএফৰ বিধায়ক কমল সিং নার্জাৰীয়ে বিধায়িকা আঙুৰলতা ডেকাৰ প্ৰতি কৰা অশ্লীল মন্তব্য সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁক সমালোচনা কৰিবলৈ গৈ বিধায়কজনে ইমানেই অশ্লীল মন্তব্য কৰিছে যে তাৰ বাবে সকলো বিধায়কৰেই মৰ্য্যদা হানী, লাঘৱ হৈছে ৷
“সমগ্ৰ নাৰী জাতিক অপমান কৰিছে কমল সিং নার্জাৰীয়ে ৷ আজি এনে এক মন্তব্যত সমগ্ৰ বিজনীবাসী লজ্জিত হৈছে ৷ গতিকে ইয়াৰ বাবে বিজনীত আৰু বটদ্ৰবাত ভাৰতীয় জনতা দলৰ সদস্যকে ধৰি বিভিন্ন দল সংগঠনে গোচৰ ৰুজু কৰিছে ৷ এই বিষয়ত মই নিজাববীয়াকৈ আইনী ব্যৱস্থা হাতত ল’ম ৷ এগৰাকী জন প্ৰতিনিধি তেওঁ ৷ তেওঁ জনসাধাৰণৰ পথ প্ৰদৰ্শক হ’ব লাগিছিল ৷ নাৰী সকলৰ প্ৰতি থকা এই মনোভাৱক আমি গৰিহনা দিছোঁ ৷ আইনী প্ৰক্ৰিয়াৰে যাতে তেওঁ উচিত শিক্ষা লাভ জৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷’ – বুলি বিধায়িকা আঙুৰলতাই মন্তব্য কৰে ৷