নিউজ ডেস্কঃ বিটিচিৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি বহুতো ৰাজনৈতিক দলৰ নেতাৰ হাগ্ৰামাৰ মহিলাৰী আছিল আক্ৰমণৰ মূল লক্ষ্য। এইবাৰ হাগ্ৰামাই মুখ খুলিলে। প্ৰত্যুত্তৰ দিবলৈ সাজু হ’ল হাগ্ৰামা। পুৰণি বন্ধু হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ লক্ষ্য কৰি মহিলাৰীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই বড়ো জাতিক ধংস কৰিব বিচাৰিছিল। পৰা নাই, হিমন্ত বিশ্ব শৰ্মাই মোক আৰু বিটিচিকো ধংস কৰিব বিচাৰিছিল, কিন্তু তেওঁ ব্যৰ্থ হৈছে।লগতে আৰু হাগ্ৰামাই এনেদৰেও কয় যে আগতে হিমন্ত মোৰ বিৰাট বন্ধু আছিল। এতিয়া ফাট মেলিলে। ফটা বাঁহ আৰু জোৰা নালাগে ৷ হিমন্ত য’ত থাকিব, তাত বিপিএফ নাথাকে। বিপিএফ থাকিবলৈ হ’লে হিমন্ত বিশ্ব আউট হ’ব লাগিব। হিমন্ত মোৰ বন্ধু নহয়, বি টি আৰৰ নিৰ্বাচনৰ ফলাফল ওলাবলৈ দিয়ক, ২০২১ চনৰ নিৰ্বাচনক লৈ স্পষ্ট ছবি পাব।