ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত যোৱা ২৫ এপ্ৰিলৰ পৰা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানৰ ২৭ এপ্ৰিলত সামৰণি পৰে। ২৫ এপ্ৰিলৰ সন্ধিয়া ৬ বজাত সাংস্কৃতিক মঞ্চ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই। ইয়াৰ পিছত বন্তি প্ৰজ্বলন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ৰাজীৱ কলিতাই। ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত প্ৰকাশ কৰি উলিওৱা “বিহুৱান” শীৰ্ষক স্মৃতিগ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ধাৰাপুৰ গাঁও পঞ্চায়তৰ সচিব চফিক আলী মিৰ্জাই। নিশালৈ অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত নৱ প্ৰজন্মৰ হাৰ্টথ্রব অংগৰাগ পাপন মহন্তই সংগীত পৰিৱেশন কৰি হেজাৰ হেজাৰ শ্ৰোতা-দৰ্শকক আপ্লুত কৰে। ২৬ এপ্ৰিলৰ বিয়লিৰ পৰা মুকলি শাখাত অনুষ্ঠিত একক অসমীয়া আধুনিক নৃত্য প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে ক্ৰমে বিউটি দাস, পৰমেশ দাস আৰু বিশাল ৰাজবংশীয়ে। লগতে নিচুকনি বঁটা লাভ কৰে ক্ৰমে মনোজিষ্ঠা মেধি আৰু হিয়াৰাণী দাসে আনহাতে জেং বিহু প্ৰতিযোগিতাৰ প্ৰথম আৰু দ্বিতীয় স্থান অধিকাৰ কৰে ক্ৰমে শিলপুখুৰীৰ ন-পুৰণি জেং বিহু দল আৰু আগছিয়াৰ বৰদৈচিলা জেং বিহু দলে।
ইয়াৰ পিছত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত কেবাটাও বিহু হুঁচৰি দল আৰু কেবাগৰাকী শিল্পীয়ে গীত-নৃত্য পৰিবেশন কৰে। তদুপৰি ২৭ এপ্ৰিলৰ সন্ধিয়া সাংস্কৃতিক মঞ্চ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ধাৰাপুৰ তালুকৰ সভাপতি তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা সত্য ভৰালীয়ে আৰু বন্তি প্ৰজ্বলন কৰে বিশিষ্ট ব্যৱসায়ী দিলীপ ঠাকুৰীয়াই। ইয়াৰ পিছত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত কল্যাণী ঠাকুৰীয়া, জিলমিল ৰূপালী জোনাক, মহাশ্বেতা কলিতাই সংগীত পৰিৱেশন কৰাৰ লগতে শিবাঙ্গী বৰুৱা, জিনি কাশ্যপ, বিস্মিতা কলিতা, হিমকণা কাশ্যপকে ধৰি কেবাগৰাকী শিল্পীয়ে নৃত্যানুষ্ঠান পৰিবেশন কৰি উপস্থিত সকলোকে মোহিত কৰে।