নিউজ ডেস্কঃ ২০১৮ চনৰ ১৭ ডিচেম্বৰত বিশ্বনাথৰ ডিকৰাই চাহ বাগিচাত সংঘটিত শিশু ধৰ্ষণ আৰু হত্যা কাণ্ডৰ মুখ্য আৰোপী মঙ্গল পাইকক ফাঁচীৰ শাস্তি ঘোষণা কৰিছে বিশ্বনাথ চাৰিআলি অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ আদালতে। সোমবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰি আদালতে শোণিতপুৰৰ লখৰাৰ বুঢ়াগাঁৱৰ মংগল পাইকক এই শাস্তি প্ৰদান কৰে। উল্লেখ্য যে, ২০১৮ চনত পাষণ্ড মংগল পাইকে আলহী হিচাপে আহি ঘৰত কোনো নথকাৰ সুযোগ লৈ ৩ বছৰীয়া কন্যা শিশুটিক বলাত্কাৰ আৰু হত্যা কৰিছিল।
ৰাজ্য জোকাৰি যোৱা এই ঘটনাৰ পিছতে চতিয়া আৰক্ষীয়ে ২০৬/১৮ নম্বৰত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছিল অভিযুক্ত মংগল পাইকক। পৰৱৰ্তী সময়ত অভিযুক্তই জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিলেও আদালতৰ অন্তিম শুনানিৰ মংগল পাইকক ফাঁচীৰ শাস্তি প্ৰদান কৰাৰ স্বস্তিৰ নিশ্বাস এৰিছে শিশুটিৰ পৰিয়ালৰ লোকে।