নিউজ ডেস্কঃ অসমৰ প্ৰধান বিৰোধী দল কংগ্ৰেছত শেহতীয়াকৈ হোৱা গৰাখহনীয়াই ৰাজ্যখনত বিৰোধী দলৰ অস্তিত্ব প্ৰায় নোহোৱা কৰি তুলিলে ৷ এজনৰ পিছত এজন বিধায়কে আন ৰাজনৈতিক দললৈ গমন কৰাৰ পৰিপ্ৰেক্ষিতত বিৰোধী দলটোৰ দলপতিৰ ‘মৰ্যাদা’ হেৰুৱালে দেৱব্ৰত শইকীয়াই৷
তিতাবৰ সমষ্টিৰ বিধায়ক তৰুণ গগৈৰ মৃত্যু, আব্দুল খালেকৰ বিধায়ক পদ ত্যাগ কৰি সাংসদ হোৱা লগতে অজন্তা নেওগ আৰু ৰাজদ্বীপ গোৱালাৰ দলত্যাগৰ ফলত কংগ্ৰেছৰ বিধায়কৰ সংখ্যা ২০লৈ অৱনমিত হয় ৷ ফলস্বৰূপে অসমৰ প্ৰধান বিৰোধী দলৰ মৰ্যাদা হেৰুৱায় কংগ্ৰেছ দলে৷