আজি সম্প্ৰসাৰণ হ’ব কৰ্ণাটক মন্ত্ৰীমণ্ডলৰ ।
মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰপ্পাৰ তৰফৰ পৰা ৰাজভৱনলৈ ৭টা নাম প্ৰেৰণ কৰা হৈছে, এওলোকক মন্ত্ৰী পদৰ বাবে শপত গ্ৰহণ কৰোৱা হ’ব।
শপতগ্ৰহণ কৰিব মুৰুগেছ নিৰাণী, উমেশ কট্টী, অংগাৰা, যোগেশ্বৰ, অৰবিন্দ লিম্বাবলী, এমটিবি নাগাৰাজ আৰু শংকৰে।
কেন্দ্ৰীয় নেতৃত্বই এইকেইটা নামত মোহৰ লগাইছে।
উল্লেখযোগ্য যে, মন্ত্ৰীমণ্ডল সম্প্ৰসাৰণৰ বাবে বিগত দিনত মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰপ্পাই গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল।
সেই সময়ছোৱাতে বিজেপি অধ্যক্ষ জেপি নড্ডা আৰু ইনচাৰ্জ অৰুণ সিঙো উপস্থিত আছিল।
এই সাক্ষাতৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে, এয়া ১০০ শতাংশই নিশ্চিত যে এইখন আমাৰ অন্তিমখন বৈঠক।
মুখ্যমন্ত্ৰীগৰাকীয়ে দীঘলীয়া সময় ধৰি মন্ত্ৰীমণ্ডলৰ সম্প্ৰসাৰণ কৰিব বিচাৰিছিল।
Photo: Google