বিধানসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত ৰাজনৈতিক বতাহ এতিয়া দ্ৰুতগতিত বলিছে।
শুভেন্দু অধিকাৰীয়ে বিজেপিত যোগদান কৰাৰ পিছত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিজৰ দুৰ্গ ৰক্ষা কৰিবলৈ নন্দী নিৰ্বাচনী যুঁজত নমাৰ কথা ঘোষণা কৰিছে।
নন্দীগ্ৰামৰ এলেকা শুভেন্দু অধিকাৰীৰ দুৰ্গ বুলি কোৱা হয়, য’ত এটা সময়ত TMCৰ প্ৰতি থকা ৰাইজৰ প্ৰেম যথেষ্ট শক্তিশালী আছিল।
এই সমষ্টিটোৰ জোৰতে মমতাই এক দশক ধৰি পশ্চিমবংগত নিজৰ দুৰ্গ ৰক্ষা কৰিবলৈ সক্ষম হৈছে।
কিন্তু শুভেন্দু অধিকাৰী TMC ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিছত TMCৰ বাবে এই সমষ্টিটো যথেষ্ট প্ৰত্যাহ্বানজনক হৈ পৰিছে।
সেই সময়তে সোমবাৰে নন্দীগ্ৰামত উপস্থিত হৈ মমতা বেনাৰ্জীয়ে যিদৰে শুভেন্দুৰ দুৰ্গত নিৰ্বাচনী যুঁজ দিব বুলি ঘোষণা কৰিলে, সেই হিচাপত পশ্চিমবংগৰ ৰাজনৈতিক যুঁজ যথেষ্ট আমোদজনক হোৱা দেখিবলৈ পোৱা গৈছে।
মমতাই ক’লে যে, ‘মই নন্দীগ্ৰামক পাহৰি যোৱা নাই। নন্দীগ্ৰাম মোৰ বাবে ভাগ্যবান।
নন্দীগ্ৰামৰ পৰা আৰম্ভ কৰিছো। আমি পুনৰ জয়ী হ’ম। নন্দীগ্ৰাম প্ৰতিখন আসন আমাৰ হ’ব।
কিছুমানে ইফাল-সিফাল কৰি আছে। কিন্তু এয়া চিন্তাৰ বিষয় নহয়।
TMCৰ যেতিয়া জন্ম হৈছিল। সেই সময়ত তেওঁলোক নাছিল।
কোনোৱাই ক’ৰবালৈ যাব পাৰে। ভালে কৰিছে। ৰাজনীতিত ৩ প্ৰকাৰৰ মানুহ আছে।
লোভী, ভোগী, ত্যাগী। কোনোদিনা ত্যাগী মাৰ কোলা এৰি নিদিও।
বিজেপিৰ নেতাই দিল্লীৰ পৰা কৈ আছে। হয়টো জেল নহ’লে ঘৰতে থাকক।
বিজেপি ৱাশ্বিং মেচিন আৰু ৱাশ্বিং পাউদাৰ হয়। ক’লা হৈ সোমাব আৰু বগা হৈ ওলাব।’- শুভেন্দুলৈ লক্ষ্য কৰি এই আক্ৰমণাত্মক মন্তব্য প্ৰদান কৰে মমতা বেনাৰ্জীয়ে।
Photo: Google