নিউজ ডেস্কঃ ‘তাণ্ডৱ’ ৱেব ছিৰিজৰ পিছত এইবাৰ ‘মিৰ্জাপুৰ’-২ নামৰ ৱেব ছিৰিজৰ বিৰুদ্ধে ৰুজু হৈছে এক গোচৰ।
উল্লেখযোগ্য যে মিৰ্জাপুৰ চহৰৰ এগৰাকী ব্যক্তিয়ে দাখিল কৰিছে এই গোচৰটো ৷
গোচৰ অনুসৰি ৱেব ছিৰিজটোৱে উত্তৰ প্ৰদেশৰ ভাৱমুৰ্তিক বিনষ্ট কৰিছে বুলি দাবী উত্থাপন কৰিছে ৷
যাৰ বাবে ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ আধাৰত উচ্চতম ন্যায়ালয়ে ছিৰাজখনৰ পৰিচালকলৈ জাননী জাৰি কৰিছে।
ইয়াৰোপৰি ছিৰিজটোৰ সংলাপসমূহে ধৰ্মীয় অনুভূতিত আঘাতহনা অভিযোগত ৰুজু হৈছে আন এটা গোচৰ ৷