সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ হৈ কোনো আনুষ্ঠানিক মন্তব্য প্ৰদান কৰিব নোৱাৰিব সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ।
এই কথা ঘোষণা কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই ।
দেওবাৰে তেজপুৰত এক সংবাদ মেল সম্বোধন কৰি ঘোষণা কৰে এই কথা ।
সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ব্যক্তিগত মন্তব্য প্ৰদান কৰাক লৈ কোনো ধৰণৰ আপত্তি নাই বুলিও ব্যক্ত কৰে শংকৰ জ্যোতি বৰুৱাই ।
বিগত বৰ্ষত আছুৰ মুখ্য উপদেষ্টা পদৰ পৰা অব্যাহতি লয় সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ।
কিন্তু দুলীয়াজানত অনুষ্ঠিত আছুৰ বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰি ছাত্ৰসন্থাৰ বহু সদস্যৰ আহ্বানমৰ্মে আছুৰ সৈতে জড়িত থকাৰ সিদ্ধান্ত লয় প্ৰাক্তন উপদেষ্টাগৰাকীয়ে ।
সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত শংকৰ জ্যোতি বৰুৱাই জনায় যে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আছুৰ সৈতে জড়িত থাকিব নে নাথাকিব সেই সন্দৰ্ভত কাৰ্যকৰী কমিটিৰ পৰৱৰ্তী মিটিঙতহে সিদ্ধান্ত লোৱা হ’ব ।