নিউজ ডেস্কঃ অসম তথা গুৱাহাটীবাসীৰ আবেগৰ চিনেমা হ’ল অনুৰাধা চিনেপ্লেক্সে আজি ৫০ বছৰ অতিক্ৰম কৰিলে ৷
১৯৭১-ৰ ১ জানুৱাৰীত অনুৰাধা চিনেপ্লেক্সৰ স্বত্বাধিকাৰী ড০ ফণী শৰ্মাই চিনেপ্লেক্স উদ্বোধন কৰিছিল ৷
আৰু মুখ্য অতিথি হিচাপে উপস্থিত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত মহেন্দ্ৰ মোহন চৌধুৰী আৰু বিশিষ্ঠ অতিথি হিচাপে উপস্থিত আছিল সমাজসেৱক প্ৰয়াত ৰাধা গোবিন্দ বৰুৱা আৰু উদ্যোগমন্ত্ৰী প্ৰয়াত বিশ্বদেৱ শৰ্মা।
উল্লেখযোগ্য যে অনুৰাধা চিনেপ্লেক্সত প্ৰদৰ্শিত প্ৰথমখন চিনেমা আছিল ধৰ্মেন্দ্ৰ আৰু হেমা মালিনী অভিনীত ছবি “তুম হাছিন ম্যে জাৱান” ৷
আজি অনুৰাধা চিনেপ্লেক্সৰ সোণালী জয়ান্তী উপলক্ষে বলীউডৰ অভিনেতা ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীয়ে অনুৰাধালৈ শুভবাৰ্তা প্ৰেৰণ কৰে ৷
উল্লেখ্য, আজি অনুৰাধা চিনেপ্লেক্সৰ সোণালী জয়ন্তী উপলক্ষে নতুন অসমীয়া ছবি “মিডনাইট চং”-ৰ উদ্বোধনী প্ৰদৰ্শন কৰা হয়।
উক্ত অনুষ্ঠানটিত উপস্থিত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী, পৰিচালক জাহ্ন বৰুৱা,অভিনেতা যতীন বৰাৰ লগতে অসমীয়া চলচ্চিত্ৰ জগতৰ বহু অভিনেতা-অভিনেত্ৰী ৷