কাৰ্বিআংলং জিলাৰ ডিফুত বুধবাৰে নিশা অস্ত্ৰধাৰীৰ নিৰ্বিচাৰ গুলীবৰ্ষণত মহিলাসহ দুজন লোক নিহত হয়।
লগতে এজন লোক গুৰুতৰভাৱে আহত হয়।
নিশা প্ৰায় ১১.৩০ বজাত ডিফুৰ ধনশিৰিৰ সমীপৰ খাৰানাইডছাত ডিমাছাসকলৰ ধৰ্মীয় উৎসৱ চলি থকাৰ মাজতে ৩ অস্ত্রধাৰী দুৰ্বৃত্তই অনুষ্ঠানৰ মাজতে প্ৰৱেশ কৰি গুলীচালনা কৰে।
এই গুলীচালনাত অচিনাক্ত দুৰ্বৃত্তৰ হাতত আলোতা মাইবংছা (৪০) নামৰ এগৰাকী মহিলা আৰু অমিত নুনিছা নামৰ এজন লোকে প্ৰাণ হেৰুৱায়।
লগতে গুলীচালনাত আশীষ থনলোছা নামৰ এজন লোক গুৰুতৰভাৱে আহত হয়। আহত লোকজন বৰ্তমান হাস্পতালত চিকিৎসাধীন।
Photo: Headline