নিউজ ডেস্কঃ বৃটিছৰ অন্যায় খাজনা বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ইংৰাজৰ গুলীত ১৮৯৪ৰ ২৮ জানুৱাৰীত মৃত্যুবৰণ কৰা সাতকুৰি শ্বহীদক স্মৰণাৰ্থে দৰং জিলা প্ৰশাসন আৰু অসম চৰকাৰৰ কৃষি বিভাগে পথৰুঘাটত আয়োজন কৰা কৃষক শ্বহীদ দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
দুদিনীয়া কাৰ্যসূচীৰে ২৭ আৰু ২৮ জানুৱাৰীত দৰঙত আয়োজন কৰা এই কাৰ্যসূচীত উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা, সাংসদ দিলীপ শইকীয়াকে ধৰি কেইবাজনো মন্ত্ৰী, বিধায়ক তথা উচ্চপদস্থ বিষয়া।
উল্লেখ্য, এই কাৰ্যসূচীত ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ মুঠ ২২গৰাকী প্ৰগতিশীল কৃষকক চৰকাৰীভাৱে সম্বৰ্ধনা জনোৱা হয় ৷