ক’ভিড ভেকচিন লোৱাৰ এসপ্তাহ পিছতেই মৃত্যু এগৰাকী ৪৮ বছৰীয়া অংগনবাড়ী কৰ্মীৰ।
এই ঘটনাটো সংঘটিত হৈছে মণিপুৰত। ঘটনাটো শনিবাৰৰ দিনটোতহে পোহৰলৈ আহে।
উল্লেখ্য যে, মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ অন্তৰ্গত সুন্দেৰী দেৱী নামৰ মহিলাগৰাকীয়ে ১২ ফেব্ৰুৱাৰীত ক’ভিড ভেকচিনৰ প্ৰথমটো পালি লৈছিল।
কুম্ভী প্ৰাইমেৰী হেল্থ চেণ্টাৰত দিয়া হৈছিল এই কৰ’ণাৰ ভেকচিনটো।
ভেকচিনটো লোৱাৰ পিছতেই ১৮ ফেব্ৰুৱাৰীত মহিলাগৰাকীয়ে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগে।
পিছত মহিলাগৰাকীক মৈৰাং কমিউনিটি হেল্থ চেণ্টাৰত ভৰ্তি কৰোৱা হয়। পিছত শুকুৰবাৰে কৰুণ মৃত্যুক সাৱটে মহিলাগৰাকীয়ে।
Photo: Google