কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধী বাড্ৰাৰ অসম ভ্ৰমণৰ আজি দ্বিতীয়টো দিন।
প্ৰিয়ংকা গান্ধীয়ে ইয়াত নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই আছে।
লগতে তেওঁ অসমৰ ৰাইজকো সাক্ষাৎ কৰিছে। মঙলবাৰে অসমৰ তেজপুৰত প্ৰিয়ংকা গান্ধীৰ বৃহৎ জনসভা অনুষ্ঠিত হ’ব।
জনসভাৰ পূৰ্বে প্ৰিয়ংকা গান্ধীয়ে মঙলবাৰে চাহ-বাগিচাৰ মহিলা শ্ৰমিকসকলক সাক্ষাৎ কৰে।
তাতো প্ৰিয়ংকা গান্ধীক পৃথক ৰূপত দেখা গ’ল। তেওঁক চাহ-বাগিচাত টুকৰী লৈ শ্ৰমিকৰ দৰে চাহপাত তোলা দেখা গ’ল।
প্ৰিয়ংকা গান্ধীয়ে ইয়াক লৈ টুইটো কৰিলে। তেওঁ লিখিলে অসমৰ নানাৰঙী সংস্কৃতিয়েই অসমৰ শক্তি।
অসমৰ যাত্ৰাৰ সময়ত লোকসকলক লগ পাই অনুভৱ হ’ল যে ইয়াৰ লোকসকলে সংস্কৃতি ৰক্ষা কৰিবলৈ সম্পূৰ্ণভাৱে প্ৰতিশ্ৰুতিবদ্ধ।
নিজৰ সংস্কৃতি আৰু ঐতিহ্য ৰক্ষা কৰিবলৈ অসমৰ লোকসকলৰ যুঁজত কংগ্ৰেছ দল তেওঁলোকৰ লগত আছে। জয় আই অসম।
Smt. @priyankagandhi joins tea workers at Sadhuru tea garden and tries her hand at plucking tea leaves. pic.twitter.com/3qFtbGkESF
— Congress (@INCIndia) March 2, 2021
আজি প্ৰিয়ংকা গান্ধীৰ কাৰ্যক্ৰমণিকা
চাহ-বাগিচাৰ মহিলা শ্ৰমিকসকলৰ সৈতে বাৰ্তালাপ
তেজপুৰৰ মহাভৈৰৱ মন্দিৰৰ ভ্ৰমণ
তেজপুৰত নিৰ্বাচনী সভা
#WATCH Assam: Congress General Secretary Priyanka Gandhi Vadra plucks tea leaves with other workers at Sadhuru tea garden, Biswanath. pic.twitter.com/8jpQD8IHma
— ANI (@ANI) March 2, 2021
Photo: Twitter