‘শান্তিৰে যাবলৈ বিচাৰিছো, আল্লাহক প্ৰাৰ্থনা জনাইছো যে দ্বিতীয়বাৰলৈ মানুহৰ মুখ নেদেখুৱাই যাতে।
প্ৰেম আছে যদি দুপক্ষীয় হওক, একপক্ষীয় প্ৰেমৰ পৰা একো লাভ নহয়।
কিছুমান প্ৰেম বিয়াৰ পিছতো আধা হৈয়ে থাকে, এই মৰমলগা নদীৰ ওপৰত ভৰসা ৰাখিছো যে মোক নিজৰ মাজত সোমাই ল’ব।
মোৰ পিছত একো বাক-বিতণ্ডা নকৰিলে হ’ল, মই বতাহৰ দৰে হ’ব বাচিৰিছো।
মই নাজানো মই স্বৰ্গত যাম নে নাযাম, কিন্তু মোক সদায়ে মনত ৰাখিব।
আত্মহত্যাৰ পূৰ্বে কৰা ভিডিঅ’ ভাইৰেল ছচিয়েল মিডিয়াত
এই মৰ্মান্তিক শব্দ আয়েশাৰ মুখৰ পৰা ওলাইছে।
গুজৰাটৰ আহমেদাবাদৰ বাসিন্দা আয়েশা এতিয়া আমাৰ লগত নায়।
তাই নিজৰ বহুমূলীয়া জীৱন সাবৰমতী নদীত অৰ্পণ কৰি দিলে।
আত্মহত্যাৰ পূৰ্বে কৰা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
23 year old Ayesha releases this Video before Jumping in the #SabarmatiRiver #Ahmedabad! Just listen to this poignant misery of ill treatment at the hands of the In-Laws and a Ruthless Husband! Are We even Humans? When millions of Women are treated in such Tragic Fashion! pic.twitter.com/sPQf9za7Pp
— zafar sareshwala 🇮🇳 (@zafarsareshwala) February 28, 2021
মুছলমান পাৰ্ছনেল ল’ বৰ্ডেও প্ৰতিক্ৰিয়া প্ৰদান কৰিলে ভিডিঅ’টোত
অভিযোগ উত্থাপন কৰিছে যে স্বামীগৃহ লোকৰ প্ৰতাৰণা আৰু যৌতুক দাবীৰ পৰা অশান্তি পাই তাই এই চৰম পথ বাচি লৈছে।
আত্মহত্যাৰ পূৰ্বে কৰা ভিডিঅ’ত দুখ, খং আৰু প্ৰেমৰ অভাৱ স্পষ্টভাৱে দেখা যায়।
আয়েশাৰ এই ভিডিঅ’টোৱে সমাজৰ প্ৰতিটো বৰ্গৰ লোকৰ মাজত জোকাৰণিৰ সৃষ্টি কৰিছিল।
ছচিয়েল মিডিয়াত প্ৰায়ভাগ লোকে নিজৰ মন্তব্য প্ৰদান কৰে।
কিছুমানে আয়েশাক পৰামৰ্শ প্ৰদান কৰিছে যে জীৱন ত্যাগ কোনো বুদ্ধিমত্তাৰ কাম নহয়।
বিবাহ বিচ্ছেদ কৰিও নতুনকৈ জীৱন আৰম্ভ কৰিব পাৰি।
https://twitter.com/aslam55a/status/1365920307412828162?s=20
ঘটনাটোত অল ইণ্ডিয়া মুছলিম পাৰ্ছনেল ল বৰ্ড প্ৰতিক্ৰিয়া প্ৰদান কৰে যে, বৰ্ডৰ সাধাৰণ সম্পাদক মৌলানা বলী ৰহমানীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে, এয়া হৃদয় কঁপাই যোৱা ঘটনা।
এনেধৰণৰ ঘটনা সভ্য সমাজৰ বাবে লজ্জাজনক।
Photo: ABP News