ভাৰত চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা আধাৰ কাৰ্ডখন এগৰাকী নাগৰিকৰ বাবে গুৰুত্বপূৰ্ণ দস্তাৱেজ।
ইয়াৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ কথা হয়টো কোনো লোককে কোৱাৰ প্ৰয়োজন নায়।
বহু লোকে আধাৰ কাৰ্ডখন নিজৰ লগত ৰাখে আৰু বহুতে ঘৰতে থৈ দিয়ে।
আধাৰ কাৰ্ড ইউনিক আইডেণ্টিফিকেচন অথৰিটী অব ইণ্ডিয়া (UIDAI)ৰ দ্বাৰা জাৰি কৰা হয়।
চৰকাৰে যদিও সময়ে-সময়ে প্ৰৱঞ্চকক বাধা প্ৰদান কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰে কিন্তু প্ৰৱঞ্চকে জানো প্ৰৱঞ্চনা এৰি চলিব পাৰে।
এই সময়তে যদি আপুনি জানিব পাৰে যে আপোনাৰ আধাৰ কাৰ্ডখন নকল হয়, তেন্তে আপুনি যথেষ্ট সমস্যাত ভুগিবলগীয়া হয়।
সেইবাবে আজি আমি আপোনালোকক আধাৰ কাৰ্ড চিনি পোৱাৰ পদ্ধতি জনাবলৈ ওলাইছো।
এনেদৰে আচল নে নকল জানক-
১. আধাৰ নম্বৰ আচল নে নকল জানিবলৈ আপুনি সৰ্বপ্ৰথমে আধাৰৰ অফিচিয়েল ৱেবছাইট- resident.uidai.gov.inত যাব লাগিব।
২. তাত আপুনি ‘Aadhaar verification’ সেৱাৰ নিৰ্বাচন কৰক।
৩. এতিয়া আধাৰ সংখ্যা অথবা ভাৰ্চুৱেল আইডি (VID)দাখিল কৰক।
৪. তাত দিয়া কেপচা কোড দাখিল কৰক আৰু প্ৰেৰণ কৰা OTPত ক্লিক কৰক।
৫. এতিয়া আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত OTP আহিব আৰু সেইটো আপুনি দাখিল কৰিব লাগিব।
৬. OTPৰ পিছত যদি আপোনাৰ আধাৰ নম্বৰ আচল হয় তেন্তে নতুন পেজ খুলিব, য’ত নাম, ৰাজ্য, বয়স, লিংগ আদিৰ দৰে তথ্য থাকিব।
৭. এইদৰে আপুনি জানিব পাৰিব যে আপোনাৰ আধাৰ কাৰ্ড আচল নে নকল।
যদি হেৰুৱাইছে আধাৰ কাৰ্ড? তেন্তে…
আধাৰ কাৰ্ড হেৰুৱালে তাৰ লগত পঞ্জীয়ন থকা মোবাইল নম্বৰৰ প্ৰয়োজন হয়।
যদি আপুনি আধাৰ কাৰ্ডখন হেৰুৱাইছে আৰু নামাংকনৰ ৰচিদখনো হেৰুৱাইছে, তেন্তে চিন্তা নকৰিব।
আপুনি UIDAIৰ হেল্পলাইন 1947ত ফোন কৰি আপুনি EID লাভ কৰিব পাৰে।
আপুনি EID বা আধাৰ নম্বৰ অনলাইন পদ্ধতিৰেও লাভ কৰিব পাৰে। আহক জানো কেনেদৰে…
সৰ্বপ্ৰথমে আপুনি UIDAIৰ অফিচিয়েল ৱেবছাইট (https://resident.uidai.gov.in/)ত যাওক।
১. এতিয়া Retrieve lost uid-EID বিকল্পত ক্লিক কৰক আৰু এই দুটাৰে ভিতৰত যিকোনো এটা নিৰ্বাচন কৰক।
২. ইয়াৰ পিছত নিজৰ নাম, মোবাইল নম্বৰ বা ইমেইল দাখিল কৰক।
৩. এতিয়া কেপচা ভেৰিফিকেচত প্ৰৱেশ কৰক।
৪. OTP প্ৰেৰণ কৰা বুটামত ক্লিক কৰক।
৫. OTP লাভ কৰাৰ পিছত, ভেৰিফিকেচনৰ বাবে দাখিল কৰক।
৬. ভেৰিফিকেচনৰ পিছত, আধাৰ নম্বৰ বা এনৰোলমেণ্ট আইডি আপোনাৰ পঞ্জীয়নকৃত ইমেইল আইডি বা মোবাইল নম্বৰত আহি যাব।
বিনামূলীয়াকৈ আধাৰৰ পঞ্জীকৰণ
নাগৰিকসকলৰ বাবে আধাৰ কাৰ্ডৰ পঞ্জীকৰণ সম্পূৰ্ণভাৱে মিনামূলীয়া।
আধাৰ আপডেট কৰিবলৈ শুল্ক প্ৰথমৰ পৰা নিৰ্ধাৰণ কৰা হৈছে।
যাৰ বাবে যদি কোনোবাই আপোনাৰ পৰা অতিৰিক্ত ধন বিচাৰে, তেন্তে আপুনি 1947ত ফোন কৰি সেই লোকজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰিব।
ইয়াৰোপৰি uidai.gov.inটো অভিযোগ দাখিল কৰিব পাৰে।
uidaiৰ অনুসৰি, আধাৰত বায়’মিট্ৰিক আপডেট কৰোৱাবলৈ আপুনি ১০০ টকা চাৰ্জ দিব লাগিব।
Photo: Google