গুজৰাটত ক’ৰোনা মহামাৰী আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱা বাবে চৰকাৰে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে।
ৰাজ্য চৰকাৰে কাইলৈ অৰ্থাৎ ১৭ মাৰ্চৰ পৰা ৩১ মাৰ্চৰ ভিতৰত ৪খন মহানগৰীত- আহমেদাবাদ, বডোদৰা, চুৰাট আৰু ৰাজকোটত সান্ধ্য আইন বলবৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
সান্ধ্য আইনৰ সময় নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ।
এই ৪খন মহানগৰীত ১৬ মাৰ্চলৈ নিশা ১২ বজাৰ পৰা পুৱা ৬ বজাত প্ৰি-নাইট কাৰ্ফিউ থাকিব।
টপ ১০ সংক্ৰমিত ৰাজ্যৰ তালিকাত গুজৰাট চতুৰ্থ নম্বৰত
আজি গুজৰাটত ৮০০জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে।
গুজৰাট সেইসমূহ ৰাজ্যৰ ভিতৰত এখন য’ত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে।
টপ ১০ সংক্ৰমিত ৰাজ্যৰ ভিতৰত গুজৰাট আছে চতুৰ্থ নম্বৰত।
গুজৰাটৰ উপৰিও মহাৰাষ্ট্ৰ, পঞ্জাৱ, কৰ্ণাটক, ছত্তীশগড়, মধ্যপ্ৰদেশ, তামিলনাডু, হাৰিয়ানা, দিল্লী আৰু অন্ধ্ৰপ্ৰদেশত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে।
Photo: Google