নিৰ্বাচনৰ আগে আগে এতিয়া সমগ্ৰ ৰাজ্যতে চলিছে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ।
প্ৰচাৰ অভিযানৰ বাবে বিজেপিৰে হওক, কংগ্ৰেছৰে হওক প্ৰতিগৰাকী নেতা এতিয়া ব্যস্ত হৈ পৰিছে।
ইফালে নিৰ্বাচনী প্ৰচাৰৰ মাজতে চলিছে শীতল বাকযুদ্ধ।
এই বাকযুদ্ধত মুখ্য ভূমিকা পালন কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
সৌ সেইদিনা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কটু মন্তব্য প্ৰদান কৰিছিল মন্ত্ৰী হিমন্ত বিশ্বই।
তেওঁ কৈছিল যে, বদৰুদ্দিন আজমলে বাংলাদেশৰ মানুহ গোটাই তাৰে মুখ্যমন্ত্ৰী হ’ব পাৰিব।
পুনৰ সেই একে মন্তব্য প্ৰদান কৰিছে ৰিপুন বৰাৰ বিৰুদ্ধেও।
খানাপাৰাত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে মন্ত্ৰীগৰাকীয়ে ৰিপুণ বৰাক কটাক্ষ কৰি কয় যে, ‘ৰিপুন বৰা মুখ্যমন্ত্ৰী হ’বই হ’ব, কিন্ত অসমত নহয়, বাংলাদেশত’।
যিসকলে মিঞা মিউজিয়াম বিচাৰে,সেইকলৰ মিঞা ভোট মোক নালাগে।’
ইয়াৰ লগতে নিৰ্বাচনী প্ৰচাৰৰ পূৰ্বে খানাপাৰাত হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰদান কৰি কয় যে, ‘বিজেপি অপ্ৰতিৰোধ্য।
আমাৰ সন্মুখত নাই কোনো প্ৰতিদ্বন্দ্বী। দিছপুৰ সমষ্টিৰ বাবে জয়ন্ত দাস যোগ্য প্ৰাৰ্থী আছিল।
কিন্তু দলীয় টিকট এজনকহে দিবলগীয়া হোৱাত দলে জ্যেষ্ঠ আৰু অভিজ্ঞ হিচাপে অতুল বৰাক দিয়া হ’ল।
মোৰ বিশ্বাস জয়ন্ত দাসে নিৰ্দলীয় নেখেলে আৰু দলো ত্যাগ নকৰে।’
Photo: Twitter