উত্তৰাখণ্ডৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱটে মহিলাসকলৰ কাপোৰক লৈ বিতৰ্কিত মন্তব্য প্ৰদান কৰিছে।
তেওঁ ক’লে যে মহিলাসকলৰ ফটা জিনছ্ দেখিলে আচৰিত হও।
তেওঁৰ মনত এই প্ৰশ্ন উত্থাপন হৈ যে ইয়াৰ দ্বাৰা সমাজলৈ কি বাৰ্তা যাব।
তীৰথ সিং ৰাৱটে ক’লে যে, ”মই জয়পুৰত এটা অনুষ্ঠানত আছিলো আৰু মই যেতিয়া জাহাজত বহিলো, তেতিয়া মোৰ কাষতে এগৰাকী মহিলা বহি আছিল।
মই যেতিয়া তেওঁৰ ফালে চালো তেওঁ তলত পিন্ধিছিল গামবুট।
যেতিয়া আৰু অলপ ওপৰলৈ চালো তেতিয়া আঠুত কাপোৰ নাছিল, ফটা আছিল।
হাতলৈ চাওতে দেখিলো কেইবা পাতো খাৰু আছিল। তেওঁৰ সৈতে আছিল দুটি শিশুও।
তেওঁ যেতিয়া সুধিলে তেতিয়া মহিলাগৰাকীয়ে ক’লে যে, তেওঁ NGO চলায়।
মই ক’লো যে সমাজৰ মাজত থাকি আঁঠু ফটা, শিশুৰ সৈতে আছে, এয়া কি সংস্কাৰ?
#WATCH मैं एक दिन हवाई जहाज से जयपुर से आ रहा था। मेरे बगल में एक बहनजी बैठी थी। मैंने उनकी तरफ देखा नीचे गम बूट थे। जब और ऊपर देखा तो जींस घुटने से फटी हुई थी। 2 बच्चे उनके साथ में थे। महिला NGO चलाती है। समाज के बीच में जाती हो। क्या संस्कार दोगे?: उत्तराखंड CM तीरथ सिंह रावत pic.twitter.com/sGri6pPH7K
— ANI_HindiNews (@AHindinews) March 17, 2021
তীৰথ সিঙে মোদীৰ তুলনা কৰিছিল ভগৱানৰ সৈতে
ইয়াৰ পূৰ্বে তীৰথ সিং ৰাৱটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তুলনা ভগৱাান ৰাম আৰু কৃষ্ণৰ সৈতে কৰিছিল।
তেওঁ ক’লে যে, যিধৰণে দ্বাপৰ আৰু ত্ৰেতা যুগত ভগৱান ৰাম তথা কৃষ্ণক মানুহে তেওঁলোকৰ কামৰ বাবে ভগৱানৰ স্থান দিছিল সেই একেধৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আগন্তুক সময়ত ভগৱান ৰাম আৰু কৃষ্ণৰ দৰে তুলনা কৰিব।
Photo: Google