শনিবাৰে ডিব্ৰুগড়ৰ লাহোৱালত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷
প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰাৰ্কমূহুতত ‘কা’ বিৰোধীতাৰে প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে আছুৱে ৷
‘কা’ আমি নামানো, ‘কা’ বাতিল হ’বই লাগিব আদি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিবেশ ৷
বিভিন্ন শ্ল’গানেৰে এক বাইক ৰেলী উলিয়াই আছুৱে ৷
লাহোৱালস্থিত আছুৰ কাৰ্যালয়ৰ পৰা উলিওৱা এই বাইক ৰেলী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ লাহোৱালৰ কেইবাটাও প্ৰধান অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰে ।
এই প্ৰতিবাদী কাৰ্যসূচীত সহযোগ কৰে সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই ৷