দেশত পুনৰ ক’ৰোনাৰ দ্বিতীয়টো ঢৌ। কেইবাখনো ৰাজ্যত নতুনকৈ বহু লোক ক’ৰোনাত আক্ৰান্ত হৈছে।
বিশেষকৈ মহাৰাষ্ট্ৰ, মুম্বাই আৰু পঞ্জাৱত দিনক দিনে বাঢ়ি গৈ আছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।
মহাৰাষ্ট্ৰ আৰু পঞ্জাৱত সান্ধ্য আইন ঘোষণা কৰাৰ লগতে শিক্ষানুষ্ঠানসমূহো বন্ধৰ ঘোষণা কৰিছে।
ইফালে নিৰ্বাচনৰ আগে আগে ক’ভিড-১৯ৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে জাৰি কৰিলে এক বিশেষ নিৰ্দেশনা।
নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
লগতে কেনেধৰণৰ মাস্ক পৰিধান কৰিব লাগিব ইয়াকে লৈও নিৰ্দেশনাত প্ৰকাশ কৰে।
এতিয়াৰ পৰা ৰাজহুৱা স্থানত বাধ্যতামূলক হ’ব তিনিতৰপীয়া মাস্ক পৰিধান কৰাটো।
বাট পথ, হাস্পতাল, অফিচ, বজাৰ আদিতো তিনিতৰপীয়া থকা মাস্ক অথবা গামোচা বা অন্য কোনো বোৱা কাপোৰৰ দুটা তৰপেৰে নাক মুখ ঢাকি ৰখাতো বাধ্যতামূলক কৰি দিয়া হৈছে।
মাস্ক পৰিধান নকৰাকৈ অংশগ্ৰহণ কৰিব নোৱাৰিব কোনো সভা, সমিটিত।
বাহন চলাই থকাৰ সময়তো মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
নহ’লে জৰিমণা হিচাপে ভৰিব লাগিব ৫০০ৰ পৰা ১০০০ টকা।
Photo: Google