আসন্ন অসম বিধানসভা নিৰ্বাচন ৷
বৰ্তমানেও কাৰাগাৰত বন্দী ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ ৷
অখিল গগৈৰ অনুপস্থিতিত সমৰ্থকে নিৰ্বাচনী প্ৰচাৰ চলাইছে শিৱসাগৰত ৷
কাৰাগাৰৰ পৰাই অসমৰ ৰাইজলৈ অখিল গগৈয়ে প্ৰেৰণ কৰিলে এখন মুকলি চিঠি ৷
সংবাদমেল যোগে ৰাইজৰ দলে পাঠ কৰিলে চিঠিখন ৷
বিজেপি বিৰোধী আৰু ‘কা’ বিৰোধীৰ আটাইতকৈ সম্ভাৱনাপূৰ্ণ প্ৰাৰ্থীক ভোট দি অসমক বচাবলৈ কাৰাগাৰৰ পৰাই ৰাইজলৈ আহ্বান জনালে অখিল গগৈয়ে ৷
অসমৰ স্বাভিমান ৰক্ষা কৰিবলৈ আৰু অসমবাসীৰ স্বাৰ্থক সুৰক্ষা দিবলৈ বিজেপিক পৰাভূত কৰাটো অপৰিহাৰ্য ৷
শংকৰ-আজানৰ সমন্বয়ৰ অসমক উগ্ৰ হিন্দুত্ববাদী বিজেপিৰ পৰা ৰক্ষা কৰিবলৈ ৰাইজক আহ্বান জনালে অখিলে ৷
অসমক ৰক্ষা কৰাৰ স্বাৰ্থত বিজেপিক ভোটদান নকৰিবলৈ পত্ৰযোগে বাৰম্বাৰ অনুৰোধ জনালে অখিল গগৈয়ে ৷
উল্লেখ্য, প্ৰায় ১৫ মাহতকৈ অধিক কাল কাৰাগাৰত বন্দী হৈ আছে অখিল গগৈ ৷
ভিডিঅ’ কনফাৰেন্সযোগে মনোনয়ন পত্ৰ দাখিল কৰিছিল প্ৰাৰ্থীগৰাকীয়ে ৷
ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী অখিল গগৈৰ অনুপস্থিতিত ৰাইজৰ দলে চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷
photo: google