ছচিয়েল মিডিয়াত চলি থকা জিনছ্ বিতৰ্কক লৈ মাত মাতিলে কণ্ঠশিল্পী আদনান ছামীয়ে।
কিন্তু কণ্ঠশিল্পীগৰাকীয়ে অন্যধৰণে নিজৰ মতামত দিয়ে।
শুকুৰবাৰে আদনান ছামীয়ে এজন লোকৰ ফটো টুইট কৰিলে।
ফটোখনত লোকজনৰ পেট ছাৰ্টৰ ২টা বুটামৰ মাজেৰে দেখা পোৱা গৈছে।
লোকজনৰ পাছফালে বহি আছে এগৰাকী যুৱতী, তাই পিন্ধি আছে ফটা জিনছ্।
Since we’re so concerned about ‘everything’ regardless of whether it’s our business or not, can we also show concern for RIPPED SHIRTS please??!!!#RippedJeansTwitter
#GirlsWhoWearRippedJeans pic.twitter.com/ngKiiz9Prj— Adnan Sami (@AdnanSamiLive) March 19, 2021
ফটোখন শ্বেয়াৰ কৰি কণ্ঠশিল্পীগৰাকীয়ে লিখিলে যে,
“আচলতে মই সকলো কথাৰ বিষয়ে চিন্তিত, লাগিলে আমাৰ সৈতে লেন-দেন থাকক বা নাথাকক।
মই ফটা ছাৰ্টৰ বিষয়ে নিজৰ চিন্তা ব্যক্ত কৰিব পাৰিমনে।”
উল্লেখযোগ্য যে, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱটে চলিত সপ্তাহৰ আৰম্ভণিতে ফটা জিনছ্ পৰিধান কৰা মহিলাৰ ওপৰত মন্তব্য প্ৰদান কৰিছিল আৰু ইয়াৰ পিছতে টুইটাৰত হেছটেগ ৰিপড জিনছ্( Ripped jeans) ট্ৰেণ্ড হ’বলৈ ধৰিছিল।
ইয়াৰ মাজতে কংগনা ৰানাৱট, উৰ্মিলা মাতোণ্ডকাৰ, গুল পনাগ আৰু নগমাসহ কেইবাগৰাকীও বলীউডৰ তাৰকাই এই হেছটেগ ব্যৱহাৰ কৰি এই প্ৰসংগত টুইট কৰিছে।
Photo: Twitter