ক’ৰোনা মহামাৰীৰ বাবে স্তিমিত হৈ থকা ‘কা’ বিৰোধী আন্দোলন পুনৰ সক্ৰিয় হৈ উঠিছে নিৰ্বাচনৰ প্ৰাকক্ষণত ৷
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৭ দিন বাকী ৷
তেনে পৰিপ্ৰক্ষিতত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া পুনৰ গা কৰি উঠিছে ‘কা’ বিৰোধী আন্দোলনে ৷
গুৱাহাটী, ডিব্ৰুগড়কে ধৰি ৰাজ্যৰ ভিন ভিন প্ৰান্তত তীব্ৰ প্ৰতিবাদ গঢ়ি তোলে সদৌ অসম ছাত্ৰসন্থাই ৷
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বিশাল বাইক ৰেলীৰে গুৱাহাটীত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই ‘কা’ বিৰোধী প্ৰতিবাদ গঢ়ি তোলে ৷
ইফালে ডিব্ৰুগড়ৰ লাহোৱালত ‘কা’ আমি নামানো, ‘কা’ বাতিল হ’বই লাগিব আদি বিভিন্ন শ্ল’গানেৰে সদৌ অসম ছাত্ৰ সন্থাৰ বিশাল বাইক ৰেলী ৷
উল্লেখ্য, শনিবাৰে লাহোৱালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে সম্বোধন কৰে বিশাল জনসভা ৷
তেখেতৰ আগমনৰ পূৰ্বে সদৌ অসম ছাত্ৰসন্থাই প্ৰতিবাদত উত্তাল কৰি তোলে লাহোৱাল ৷
‘কা’ বাতিলৰ দাবীৰে সদৌ অসম ছাত্ৰ সন্থাই শনিবাৰে কেন্দ্ৰীয় ভাৱে পুনৰ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে ৷
‘কা’ বাতিল নকৰিলে পূৰ্বৰ দৰে আন্দোলনৰ পৰিবেশ গঢ়ি তোলাৰ হুমকি দিয়ে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক ৷
আগন্তুক দিনত নিৰ্বাচনৰ পূৰ্বে এনে ধৰণেৰে প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলিও আছুৰ নেতৃত্বই মন্তব্য কৰে ৷