বৃহস্পতিবাৰে নিশা মুম্বাইৰ ভাণ্ডুপস্থিত ড্ৰীম মল ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
মলটোৰ ছানৰাইজ হাস্পতালখনটো জুইৰ লেলিহান শিখাই আগুৰি ধৰে।
এই অগ্নিকাণ্ডৰ ঘটনাত ১১জন লোকে কৰুণ মৃত্যুক সাৱটি লয়।
লোকসকলক উদ্ধাৰ কৰিবলৈ নিশালৈ উদ্ধাৰ অভিযান চলোৱা হয়।
এই হাস্পতালখনতে ক’ভিড-১৯ৰ ৰোগীক চিকিৎসা কৰোৱা হয়। ক’ৰোনাত আক্ৰান্ত হোৱা ৭৬জন ৰোগীক তাত ৰখা হৈছে।
অট্টালিকাটোৰ তৃতীয় মহলাত লাগে জুই।
হাস্পতালৰ ফালৰ পৰা জনোৱা অনুসৰি মৃত লোককেইজনে ক’ৰোনাৰ বাবে প্ৰাণ হেৰুৱাইছে।
ইয়াৰ পূৰ্বে এই ঘটনাত দুজন লোকে প্ৰাণ হেৰুওৱাৰ কথা কোৱা হৈছে।
নিশা ১২.৩০ বজাত লাগে জুই
DCP প্ৰশান্ত কদমে ক’লে যে, মলটোত জুই নিশা ১২.৩০ লাগে।
অগ্নি নিৰ্বাপন কৰিবলৈ ২৩খন অগ্নিনিৰ্বাপকৰ বাহিনীৰ দল উপস্থিত হয়।
মুম্বাইৰ মেয়ৰে জনোৱা অনুসৰি জুই লগাৰ কাৰণ জানিবলৈ পৰা হোৱা নায়।
ক’ৰোনা আক্ৰান্ত ৰোগীসহ ৭০ গৰাকী ৰোগীক অন্য এখন হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
Pained by the loss of lives due to a fire at a hospital in Mumbai. I pray that the injured recover soon: PM @narendramodi
— PMO India (@PMOIndia) March 26, 2021
এই ঘটনাটোৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই টুইটাৰযোগে দুখঃপ্ৰকাশ কৰে।
লগতে তেওঁ মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ ক্ষতিপূৰণ ঘোষণা কৰে।
तसेच राज्यभरात ज्या मॉल्स किंवा इतर वास्तूंमध्ये कोविड रुग्णांच्या उपचारासाठी रुग्णालये सुरू आहेत तेथील अग्नीसुरक्षेची तपासणी तात्काळ करण्याचे निर्देशही त्यांनी दिले. यासंदर्भात ज्यांनी दुर्लक्ष व दिरंगाई केली अशा सर्व जबाबदार लोकांवर कठोर कारवाई करण्यात येईल. pic.twitter.com/WalRlO8l4L
— Office of Uddhav Thackeray (@OfficeofUT) March 26, 2021
ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ঘটনাটোক লৈ দুখঃপ্ৰকাশ কৰে আৰু আহত লোকসকলৰ শীঘ্ৰে সুস্থ হৈ উঠাৰ প্ৰাৰ্থনা জনায়।
Photo Credit: Google