ৰাজ্যত নিৰ্বাচনী ঢৌ। কাইলৈ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।
এতিয়া সাজু হৈছে ৰাজ্যবাসী, সাজু হৈছে প্ৰতিটো দল, সাজু হৈছে প্ৰশাসন, সাজু হৈছে নিৰ্বাচনী বিষয়া।
কিন্তু নিৰ্বাচনী প্ৰচাৰৰ লগে লগে ৰাজ্যত বৃদ্ধিও হৈছে নিৰ্বাচনী হিংসা।
জালুকবাৰী সমষ্টিত নিৰ্বাচনী হিংসা। নিশা দুৰ্বৃত্তৰ দলে লণ্ড-ভণ্ড কৰিলে কংগ্ৰেছ দলৰ কাৰ্যালয়।
জালুকবাৰীৰ ৰৌমাৰীত সংঘটিত হৈছে এই ঘটনা। থানাত এজাহাৰ দাখিল কৰে কংগ্ৰেছ কৰ্মীয়ে।
জালুকবাৰী সমষ্টিৰ পৰা মহাজোঁটৰ প্ৰাৰ্থী ৰমেন বৰঠাকুৰৰ বিপৰীতে মিত্ৰজোঁটৰ প্ৰাথী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
Photo: Mridul Pritam Deka