ৰাষ্ট্ৰবাদী কংগ্ৰেছ দলৰ প্ৰধান শৰদ পাৱাৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই বিষয়ে জনাই NCP নেতা নৱাব মালিকে। পেটৰ বিষৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
চিকিৎসালয়ত চিকিৎসা কৰোৱাৰ পিছত চিকিৎসকে জানিবলৈ দিয়ে যে তেওঁৰ গল ব্লাডাৰৰ সমস্যা আছে।
চিকিৎসকে তেওঁক ৩১ মাৰ্চলৈ চিকিৎসালয়ত ৰখাৰ পৰামৰ্শ প্ৰদান কৰে।
নৱাব মালিকে ক’লে যে, এণ্ডস্কপী আৰু ছাৰ্জাৰীৰ পিছত তেওঁক চিকিৎসালয়ৰ পৰা ৰিলিজ কৰি দিয়া হ’ব।
NCP chief Sharad Pawar (in file pic) was feeling a little uneasy due to a pain in his abdomen last evening & was therefore taken to Breach Candy Hospital (in Mumbai) for a check-up. Upon diagnosis, it came to light that he has a problem in his Gallbladder: NCP leader Nawab Malik pic.twitter.com/L337FzeMGN
— ANI (@ANI) March 29, 2021