অসমত এতিয়া চলি আছে নিৰ্বাচনৰ গৰম বতাহ।
ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হৈছে আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৬ এপ্ৰিল তাৰিখে।
সেয়েহে আজিৰে পৰা ৬ এপ্ৰিললৈ নিৰ্বাচনৰ বাবে গুৱাহাটীত হ্ৰাস পাব ৰাজহুৱা যান বাহন।
জানিব পৰা অনুসৰি কামৰূপ মহানগৰ জিলা প্ৰশাসনে নিৰ্বাচনৰ পোলিং প্ৰিজাইডিং বিষয়সকল ভোটকেন্দ্ৰৰ পৰা অনা নিয়া কৰিবৰ বাবে প্ৰায় ১২শতাধিক ৰাজহুৱা যান বাহন অধিগ্ৰহণ কৰিছে।
সেয়েহে আজিৰে পৰা ৬ এপ্ৰিল তাৰিখলৈ গুৱাহাটী মহানগৰৰ বাসী যথেষ্ট অসুবিধাৰ সন্মুখীন হব।
যাৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে মহানগৰবাসীৰ মাজত।
Photo Credit: Google