ভাৰতত তীব্ৰ গতিত বৃদ্ধি পাইছে ক’ৰোনা মহামাৰীৰ সন্ত্ৰাস।
সেয়েহে দেশৰ আন আন ৰাজ্য সমূহতো সজাগতা মূলক ব্যৱস্থা গ্ৰহণ কৰি কেতবোৰ সিদ্ধান্ত লৈছে।
কালি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও গ্রহণ কৰিলে সাপ্তাহান্তিক সান্ধ্য আইন।
দিল্লীত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ’ল প্ৰেক্ষাগৃহ,জিম,চুইমিং পুল,শ্বপিং মল ইত্যাদি।
ৰেষ্টুৰেণ্টত বহি খোৱাৰ নিষেধাজ্ঞা জাৰি কৰিলে দিল্লী চৰকাৰে
।৩০ শতাংশ উপস্থিতিৰে চলিব লাগিব চিনেমা হল।
বৰ্দ্ধিত ক’ৰোনা সংক্ৰমণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।
Photo Credit: Google