ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি হৈছে ক’ৰোনা সংক্ৰমণৰ হাৰ।
বৰ্দ্ধিত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি গুৰুত্ব আৰোপ কৰি অসম চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
সেয়ে অসম চৰকাৰৰ সংগ্ৰহালয় সঞ্চালকালয়ে আজিৰে পৰা ১৫ দিনৰ বাবে বন্ধ ঘোষণা কৰিছে সকলো ৰাজ্যিক সংগ্ৰহালয়।
২১এপ্ৰিলৰ পৰা ৫ মে’লৈ ঘোষণা কৰা হৈছে এই বন্ধ।
জানিব পৰা অনুসৰি সঞ্চালকালয়ৰ অধীনত থকা গুৱাহাটী ৰাজ্যিক সংগ্ৰহালয়ৰ লগতে জিলা সংগ্ৰহালয় সকলো আজিৰে পৰা বন্ধ হৈ পৰিব
Photo Credit: Google