মিজোৰামৰ লুংলেই জিলাৰ জংঘলত অতিমাত্ৰা প্ৰখৰ ৰ’দ আৰু বৰষুণ নোহোৱাৰ বাবে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
এই অগ্নিকাণ্ড ৰাজধানী আইজলৰ পৰা ১৭০ কিঃমিঃ আঁতৰত লাগিছিল।
জানিবলৈ দিয়া অনুসৰি, জুই ইমানেই ভয়ংকৰ আছিল যে নিৰ্বাপন কৰিবলৈ বায়ুসেনাৰ সহায় ল’বলগীয়া হ’ল।
দৰাচলতে শনিবাৰে জংঘলত জুই লগাৰ পিছত সোমবাৰে ভাৰতীয় বায়ুসেনাই ২খন Mi-17 হেলিকপ্টাৰ অগ্নি নিৰ্বাপনৰ কামত নিয়োজিত কৰে।
ইফালে বিষয়াসকলে জনোৱা অনুসৰি, জংঘলৰ উপৰিও কেইবাটাও অঞ্চলটো জুই লাগিছিল আৰু এতিয়া জুই নিয়ন্ত্ৰণ কৰা হৈছে।
IAF Mi-17 helicopters are engaged in Bambi Bucket operations towards dousing the fire in
#Lunglei District & adjoining areas in Mizoram. The helicopters have been deployed at Lunglei for the task.#HADROps #HarKaamDeshKeNaam pic.twitter.com/XoNEHWFuyK— Indian Air Force (@IAF_MCC) April 26, 2021
বিষয়াসকলে জনোৱা অনুসৰি, প্ৰখৰ ৰ’দৰ বাবে এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় আৰু বতাহৰ গতি দ্ৰুত হোৱাৰ বাবে এই জুই সমগ্ৰ জংঘলতে বিয়পি পৰে।
কিন্তু সময় থাকোতে নিয়ন্ত্ৰণ কৰা হৈছিল জুই।
কিন্তু অগ্নিকাণ্ডৰ ফলত খেতি-বাতি যথেষ্ট নষ্ট হয়।
কেনেকৈ নিয়ন্ত্ৰিত হ’ল?
মুখ্য কাৰ্যবাহী বিষয়াই জনোৱা অনুসৰি জংঘলত সংঘটিত হোৱা এই অগ্নিকাণ্ডক নিয়ন্ত্ৰণ কৰিবলৈ ভাৰতীয় বায়ুসেনাই দুখন Mi-17 হেলিকপ্টাৰ নিৰ্বাচন কৰিলে।
ইয়াৰ পিছত হেলিকপ্টাৰৰ সহায়েৰে জংঘলৰ যিসমূহ স্থানত জুই লাগে সেইসমূহ স্থানত পানী ঢালি অগ্নি নিৰ্বাপন কৰা হয়।
Photo: Twitter