ৰাজ্যজুৰি আৰম্ভ হ’ল বহু প্ৰতীক্ষিত অসম বিধানসভা নিৰ্বাচন ২০২১ ৰ ভোটগণনা
আজি পুৱা ৭ বজাৰ পৰা বিভিন্ন স্থানৰ ষ্ট্ৰংৰূমত আৰম্ভ হৈছে ভোটগণনা। কটকটীয়া নিৰাপত্তা আৰু ক’ভিড প্ৰট’কল মানি পূৰ্ণগতিত চলিছে ভোটগণনা।
ৰাজ্যৰ ১২৬ টা সমষ্টিৰ ৯৪১ গৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য নির্ণয় হ’ব। কাৰ দখললৈ যাব কোনটো সমষ্টি! ৰাজ্যত তিনিটা পর্যায়ত অনুষ্ঠিত হৈছিল ভোটগ্রহণ।
পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগণনাত বৰ্তমানলৈ কোনটো দল কিমান ভোটত আগবাঢ়ি আছে।
বিজেপি+ ৫৩
কংগ্রেছ+ ২২
অন্যান্য+৪
২৭ মার্চত প্রথম পর্যায়ত, ১ এপ্ৰিলত দ্বিতীয় পর্যায় আৰু ৬ এপ্রিলত হৈছিল তৃতীয় পর্যায়ৰ নির্বাচন। ইতিমধ্য়ে ৰাজ্য়ৰ প্রতিটো সমষ্টিৰ ভোটগণনা কেন্দ্রসমূহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্রহণ কৰা হৈছে।
Photo Credit : Google