উত্তৰাখণ্ডত অব্যাহত ক’ৰোনাৰ সন্ত্ৰাস। এই পেৰিপ্ৰেক্ষিততে চৰকাৰে ডেৰাডুনসহ ৩খন জিলাত বৃহস্পতিবাৰৰ পৰা ১০ মে’লৈ কাৰ্ফিউ জাৰি কৰিছে।
আনহাতে অন্য জিলা বিষয়াসকলক স্থিতি পৰীক্ষণ কৰি এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ নিৰ্দেশনা প্ৰদান কৰিছে।
ৰাজ্যখনৰ মুখ্য সচিব ওম প্ৰকাশে ক’লে যে, ক’ৰোনা ভাইৰাছৰ আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱা বাবে ডেৰাডুন, হৰিদ্বাৰ আৰু উধমসংহ নগৰৰ জিলা বিষয়াসকলে জিলাকেইখনত ৬ মে’ৰ পৰা ১০ মে’ৰ পুৱা ৫ বজালৈ কাৰ্ফিউ বলবৎ কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে।
খোলা থাকিব চৰকাৰী কাৰ্যালয়
কাৰ্ফিউৰ সময়ছোৱাত আন্তৰাষ্ট্ৰীয় আৰু ৰাজ্যত লোকসকলৰ বা সামগ্ৰীৰ আহ-যাহ কৰাত কোনোধৰণৰ নিষেধাজ্ঞা প্ৰদান কৰা হোৱা নায়।
এই সময়ছোৱাত চৰকাৰী কাৰ্যালয় খোলা থাকিব আৰু লগতে উদ্যোগ, সামগ্ৰী কঢ়িওৱা বাহন, নিৰ্মাণ কাৰ্য আৰু আৱশ্যকীয় সেৱা জাৰি থাকিব।
ৰেচনৰ দোকানসমূহ এদিন এৰি এদিন খোলা থাকিব।
কিন্তু গাখীৰ, শাক-পাচলিৰ দোকান ১২ বজালৈ খোলা থাকিব।
Photo: Google