মঙলবাৰে হোজাই জিলাৰ অন্তৰ্গত লংকাৰ ফুলতলী আদৰ্শ চিকিৎসালয়ত কৰ্তব্যৰত অৱস্থাতে উন্মত্ত একাংশ স্থানীয় লোকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ অতি সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা ডাঃ সেউজ সেনাপতিলৈ এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে সাহায্য হিচাপে এক লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল।
কিন্তু সাহায্যৰ এই ধনৰাশি ল’বলৈ অমান্তি হৈছে সেউজ সেনাপতি লগতে তেওঁৰ পৰিয়ালৰ লোকসকল।আৰ্থিক সাহায্য গ্ৰহণ কৰিবলৈ নিজৰ অপাৰগতা প্ৰকাশ কৰি তেওঁ উক্ত ধনৰাশি শৈক্ষিক কাম- কাজত ব্যয় কৰিবলৈ আজমলক আহ্বান জনায়।
আনহাতে চিকিৎসকজনৰ পৰিয়ালৰ লোকেও আজমলৰ মহানুভৱতাৰ শলাগ লৈ কয় যে তেওঁলোকক টকাৰ প্ৰয়োজন হোৱা নাই। তেওঁলোকে আজমলৰ পৰা সংঘটিত হৈ যোৱা বৰ্বৰ কাণ্ডটোৰ ন্যায় প্ৰাপ্তিৰ বাবেহে সহায় বিচাৰে।
উল্লেখ্য যে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি চিকিৎসালয়খনত যোগ দিয়া সেনাপতিৰ বাবে আছিল মঙলবাৰৰ দিনটো কৰ্মজীৱনৰ দ্বিতীয় দিন।