অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ইতিমধ্যেই অতি তৎপতাৰে ৰাজ্যৰ প্ৰান্তে- প্ৰান্তে অভিযান চলাই আছে।এই অভিযানসমূহত আৰক্ষীৰ জালত পৰিছে বহু ড্ৰাগছ মাফিয়া আৰু সৰবৰাহকাৰী।
এনে সময়তে ড্ৰাগছ বিৰোধী অভিযানক অধিক তীব্ৰতৰ কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে বিশেষ নাৰ্ক’টিক শাখা গঠনৰ সিদ্ধান্ত।
এই শাখাৰ সবিশেষ অহা সপ্তাহত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব। এই শাখাৰ নেতৃত্বত থাকিব এগৰাকী ADGP বা IGP ।উল্লেখ্য যে মহাৰাষ্ট্ৰকে ধৰি ভাৰতৰ কেইবাখনো ৰাজ্যৰ আৰক্ষী বাহিনীত আছে এই বিশেষ শাখা।