অৰণ্য মানৱ যাদৱ পায়েঙলৈ মেক্সিকো চৰকাৰে আগবঢ়াইছে এক বিশেষ সন্মান।অৰণ্য স্ংৰক্ষণৰ ক্ষেত্ৰত থকা পদ্মশ্ৰী যাদৱ পায়েঙৰ বিস্তাৰিত অভিজ্ঞতাক দেশখনৰ প্ৰকৃতি সংৰক্ষণ কাৰ্যসূচীক অধিক গতি দিয়াৰ হকে ব্যৱহাৰ কৰিবলৈ তৎপৰ হৈ পৰিছে মেক্সিকো চৰকাৰ।ইতিমধ্যেই চৰকাৰখনে এক চুক্তি সম্পাদন কৰিছে যাদৱ পায়েঙৰ সৈতে।
এই চুক্তি অনুসৰি যাদৱ পায়েঙে দেশখনত গছপুলি ৰোপণ কৰিব। এই প্ৰকল্পৰ সফল ৰূপায়ণৰ বাবে ইতিমধ্যেই দেশখনৰ চৰকাৰে ক্ৰয় কৰিছে ৮ লাখ হেক্টৰ ভূমি।
এই মহান কাৰ্য সম্পাদনত মেক্সিকো চৰকাৰক সহায়ৰ হাত আগবঢ়াব পায়েঙে। ইতিমধ্যেই তেওঁক মেক্সিকো চৰকাৰে ভিছা প্ৰদান কৰিছে। আগন্তক দহ বছৰৰ বাবে প্ৰতিটো বছৰত তিনি মাহ কাল দেশখনত থাকিব অৰণ্য মানৱ গৰাকীয়ে।
এই তিনিমাহত প্ৰতিদিনে ১ লাখকৈ ছাত্ৰ-ছাত্ৰীক তেওঁ দিব গছপুলি ৰোপণৰ প্ৰশিক্ষণ।অসমৰ পৰা তামোল আৰু নাৰিকলৰ পুলিও মেক্সিকোলৈ লৈ গৈ তেওঁ পৰীক্ষামূলকভাৱে ৰোপণ কৰিব সেই দেশত। উল্লেখ্য যে এই বছৰৰ ছেপ্টেম্বৰত তেওঁ মেক্সিকোলৈ উৰা মাৰিব।