ক’ভিডকালীন পৰিস্থিতিৰ মাজতে দেশৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে চিকিৎসক নিগ্ৰহৰ ঘটনা। অসমতেই বিগত পোন্ধৰটা দিনত চাৰিবাৰকৈ চিকিৎসকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।
এই সমূহ ঘটনাৰ বাবে উদ্বেগ প্ৰকাশ কৰি শেহতীয়াকৈ ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন চমুকৈ আই এম এ – ই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এনেধৰণৰ ঘটনা ৰোধ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।
অসমৰ ঘটনাসমূহৰ প্ৰসংগ উত্থাপন কৰি আই এম এ-ই কয় যে বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী বিধৰ বিৰুদ্ধে প্ৰথম শাৰীত থিয় হৈ যুঁজ দি এতিয়ালৈকে ১,৪০০ চিকিৎসকে প্ৰাণ হেৰুৱাইছে।সংস্থাটোৱে কয়, এনে এক পৰিস্থিতিত চিকিৎসকৰ ওপৰত চলা যিকোনো ধৰণৰ শাৰীৰিক-মানসিক অতিচাৰ গৰিহণাযোগ্য আৰু প্ৰধানমন্ত্ৰীয়ে এনে ঘটনা ৰোধৰ বাবে বিশেষভাৱে ব্যৱস্থা গ্ৰহণ কৰা দৰকাৰ।
আনহাতে ভেকচিন সন্দৰ্ভত অপপ্ৰচাৰ চলোৱা লোকসকলৰ বিৰুদ্ধেও সৰৱ হৈ পৰে সংস্থাটো।এনে লোকৰ বিৰুদ্ধে মহামাৰী ৰোগ আইন, ১৮৯৭, ভাৰতীয় দণ্ডবিধি আৰু দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত গোচৰ তৰি শাস্তি বিহিবলৈও অনুৰোধ জনায় আই এম এ- ই। আনহাতে মিউকৰ মাইক’ছিছ ৰোগৰ বাবে লাগতিয়াল দৰৱ সুলভ নহোৱাৰ কথা দোহাৰি সংস্থাটোৱে কয় যে ইয়াৰ বাবে পৃথক গৱেষণাৰ প্ৰয়োজন।